গিলন-মন্দিৰ ১২৪
তিৰোতাতাজনী লৰাটিৰে সৈতে নিশ্চিন্ত মনে ওপঙি ভাহি যাবলৈ ধৰিলে। এনেতে পিছফালৰ পৰ! সেই ভীমকায় ফকিৰ্জনে জেবার্ডৰ মূৰত হাতখন দি কলেহি__-আহ”া, বাছা আহা, এতিয়া আমিও জীৱনৰ উপায় কৰে" ৷
জেৰাৰ্ডে উঠি মন্ত্ৰমুগ্ধ সৰ্পৰদৰে ফকিবজনব পিছে পিছে খোজ ললে ৷ অলপ পিছতে দেখা গ’ল যে ছুরো জাহাজৰ ভগা মান্তলটোৰ এখণ্ড ধৰি High সাতুবি যাবলৈ ধৰিছে। বতাহৰ ছেৱে-ছেৱে তেওঁলোকেও সাগৰৰ লগত তয়া-ময়া যুজ পাতিছে। এটা ঢৌৰ কোরত তললৈ গৈছে, আক আনটোৰ কোৱত ওপৰলৈ উঠিছে |
প্রায় এঘণ্টামানৰ মূৰত ছুয়ো সাগৰৰ পাৰ পালেগৈ ৷ ফকিৰজনে জেবার্ডক কাণে কাণে কিবাকিবি কৈ ৰোমৰ ফালে খোজ ললে। কিন্তু জেবার্ডে সাগৰৰ পাৰত থিয়হৈ সাগৰৰ পিনে ব'লাগি চাই থাকিল। তেওঁৰ চকু জুৰিয়ে কিবা যেন তন্ন CHS বিচাৰিছে। এনেতে জেৰাডে পিঠিত কিহবাৰ স্পর্শ বোধ কৰি উচপখাই উঠিল। পিছফালে চাই দেখে যে সেই ৰোমান তিৰোতা গৰাকীয়ে পিছফালে থিয় দি কৃতজ্ঞতাপূর্ণ দৃষ্টিৰে জেবার্ডৰ পিনে চাই আছেহি। তাই লাহেকৈ জেবার্ডক সেরা এটি জনালে আৰু হাতখন টানি আনি চুমা খালে; তাৰ পাছত লৰাটোৰ মুখলৈ জেবার্ডৰ হাতখন টানি আনি চুমা দিয়ালে। জেৰাৰ্ডেও লৰাটিক পাৰেমানে চুমা খালে। ৰোমান তিৰোতাজনীৰ অন্তৰ কৃতজ্ঞতাৰে উপচি পৰিল।