১১৭ fina shes
তেওঁক মৰম কৰিব৷, ভালকৈ ৰাখিবা । ডেনিজ আৰু মোৰ মাজত পাৰ্থক্য নাই--অভিন্ন হৃদয়--দুয়োৰে একেটা প্রাণ একেটা মন আক কি কম!
- % * *
মার্গেবেট | মনৰ কথা কিমান পিখিম- লিখি ওৰ পেলাব ‘নোৱাৰৌ । সকলো কথা বন্ধুবৰ ডেনিজৰ পৰা জানিবা 1 তোমাৰ বিবাহ-খত খন বুকুত বান্ধি লৈ আজি বাটে-ঘাটে ভিক্ষা মাগি আজি বোমলৈ বুলি যাত্রা কৰিলে"|--এয়ে শেষ বিদায় । ইতে-
তোমাৰ ছূর্ভগীয়া স্বামী
} --জেৰাৰ্ড--
চিঠি পঢ়ি শেষ কৰিয়েই মার্গেবেট নিমাত; দীঘল দীঘলকৈ হুমুনিয়াহ পেলাবলৈ ধৰিলে । চকুলোৰে ৰঙা গাল ছুখনি wife গ'ল--ডেনিজৰ গাত লাহেকৈ ঢলি পৰিল |
শাহুৱেক কেথেৰিণে আথ-বেথে উঠি আহি তেওঁক বিচি- ata ধৰিলে । ঘটনা দেখি বুঢ়া এলিৰ মনত ga লাগিল ৷ তেওঁ ততালিকে “ছৰবত’' তৈয়াৰ কৰি এগিলাছ ভৰাই মার্গেৰেটক খুৱালে আৰু তেওঁ পুনৰ জ্ঞান নাপালে মানে তাতেই নিজে পৰ দি বহি থাকিল।
মার্গেবেটে ভালেখিনি সময়ৰ মূৰত ছটামান হুমুনিয়াহ কাঢ়ি লাহে লাহে উঠি পোন হৈ বহিল। কেথেৰিণে স্থধিলে --আইটি, কি হৈছে তোমাৰ ?