মিলন-মন্দ্ৰিৰ ২
এলি চাহাবে যি ভাবিছিল--সি নহ'ল । সকলো কামতে বিফল মনোৰথ হৈ ইপিনে অভাৱ কষ্টত জ্বালাতন হৈ ভোকৰ ভাত, পিয়াহৰ পানী, ভাগৰৰ শান্তি-বাৰি চাহ এটোপা খাওঁতেই জীবিকা নিৰ্ব্বাহুৰ বিষয় কোরামেলা কৰিম বুলি এলয়ে বৰ আশা কৰিছিল | কিন্তু বেচেৰাই স্মুখে-দুখে, জীৱন-মৰণ সঙ্গিনী ঘৈণীয়েকৰ কথাষাৰ শুনি ঢোক এটা গিলিলে আৰু মাত্ৰ aq সলনি,কৰি তলমুকৈ লাহে লাহে কবলৈ ধৰিলে--বাৰু, তুমি একো কৰিব নোরাবা সঁচা, কিন্তু সেই বিষয়ে কোনো উপায় এটাতো চিন্তা কৰিব লাগে? ছিঃ ছিঃ, তোমাৰ অলপো বিবেচনা নাই! ইমান দিন দেখিছা._কপাহি কাপোব, পাট কাপোৰ, নানা জন্তুৰ ছাল আদি নানা ৰকমৰ বেপাৰ কৰি পেট পুহিলেশ | এটি ছুটিকৈ ৯টি লৰা-ছোৱালীৰ বাপেক হলে হি | এই সামান্য টার্গো চহৰখনৰ আয়েৰে anita লবা- ছোৱালীক পোহ-পাল দিব পাৰিনে ?
কেথেৰিণ নিমাত 1 এলিয়ে ইমানবোৰ পেটতে হাত-ভৰি লুকুৱা ছুখ-লগা কথা কলে--শুনিলে চকুৰ পানী ওলায় ! এলিয়ে যে কিমান কষ্ট সহ্য, কৰি সংসাৰ চলাইছে কোনে জানে | কত আলাই আথ্৷নিত পৰিছে ! একোদিন নিজে গা-অস্থখ, ‘পেটৰ অস্থখ হোৱা বুলি কৈ অনাহাৰে থাকি লৰা-ছোৱালী আৰু তিৰোতাক খুৱাইছে ৷ ৰাতিপুৱাৰ পৰা ৰাতি দুপৰলৈ কাম কৰি শৰীৰৰ তেজ পান৷৷ কৰে, তথাপি ছুবেল| দুমুঠি পেট ভৰাই খাবলৈ নাপায়। আহা ! এলিৰ
> ।
4