সমললৈ যাওক

পৃষ্ঠা:মিলন মন্দিৰ.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিলন-মন্দিৰ ১০২

জেবার্ডে সেইপিনে নিতাল মাৰিলে-_-তেওঁৰ টোপনি আহিল | সৈনিকজনে ওৰে ৰাতি ওঁষধ খুৱালে, লিপিলে, নানা ৰকম যতন ললে। ৰাতি পুৱা জেৰাৰ্ড উঠি বহিল । সৈনিক জনৰ নেৰানেপেৰা অশেষ যতন দেখি জেৰাৰ্ড আচৰিত হ’ল আৰু ঘনাই ঘনাই তেওঁক সুধিবলৈ ধৰিলে--তুমি কোন দেৱ ?

"মই এজন সামান্য সৈনিক; এতিয়া কামৰ পবা অৱসৰ পাই ফুৰি ফুৰিছো |

যদি তোমাৰ নাম?

মোৰ নাম ডেনিজ । তোমাৰ ?

মোৰ লাম জেবার্ড। তুমি মোৰ পৰম বন্ধু দেৱ । তুমি মোক জীৱন দান দিলা, তোমাৰ ওচৰত মই চিৰ-ধৰুৱা । এই ধাৰ মই সমস্ত জীৱনতে| শুজিব নোৱাৰিম 1 জেবার্ডে চকু-লে| টুকিবলৈ ধৰিলে । তাকে দেখি সৈনিক জনে কলে,-_সেষ্টবোৰ নাভাবিবা বন্ধু । মানুহৰ কাম মানুহে কৰিবই, সি একো নতুন নহয়। তোমাৰ বিপদত মই সহায় কৰা, মোৰ বিপদত তুমি সহায় কৰা, উদ্ধাৰ কৰা,--মানুহে মানুহক পৰস্পৰ সহায় কৰ|--সংসাৰৰ ধৰ্ম্ম ৷

জেৰাৰ্ড আৰু ডেনিঞ্জৰ মাজত নানা ৰকম আলাপ পৰিচয় হ’ল--বন্ধুত্ব স্থাপন হ’ল | সেই দিনৰপৰা জেৰার্ড আৰু ডেনিজ নলে-গলে লগা বন্ধু; খন্তেক সময়ে দুয়ে| দুয়োৰে এৰা এৰি নাই । দুয়ো| একেলগে ফুৰে, একেলগে খায়, একেলগে শোৱে--মুঠতে হুয়োৰে জীৱন এক হৈ পৰিল।