আৰু পাৰস্য দেশৰ ছূফীসকল এই মৰমীয়া সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত। এই সকল সাধক আৰু কবিৰ জীৱনী আৰু বাণীৰ পৰা আমি তেওঁলোকৰ সাধন আৰু আত্মোপলব্ধিৰ কথা জানিব পাৰো।
পাৰস্য দেশত যি মৰমিয়া সম্প্ৰদায়ৰ আবিৰ্ভাৱ হয়, তেওঁলোকক বোলা হয় ছূফী। ছূফ্ শব্দৰ অৰ্থ বগা পচম ( wool ); সন্ন্যাসীৰ আলখাল্লাৰ দৰে তেওঁলোকে ত্যাগ আৰু বৈৰাগ্যৰ প্ৰতীক শুকুলা পচমৰ এবিধ বস্ত্ৰ পৰিধান কৰিছিল। সেই কাৰণেই তেওঁলোকক ছুফী বোলা হৈছিল। কোনো কোনোৱে কয় ‘ছফা’ মানে পবিত্ৰতা,—তাৰ পৰা ‘ছূফী’ শব্দ আহিছে। তেওলোকৰ ভিতৰত বেছি ভাগেই কবি আছিল। সেই ছূফীসাধক সম্প্ৰদায়ৰ সাহিত্য পাৰস্য সাহিত্যৰ এক ৰত্নভাণ্ডাৰ বুলিব পাৰি। ছূফীসকলৰ ভিতৰত Al-Harith Asad Ali Muhasiba, Al-Jundid, Al-Hallaj, Al-Qushairi, Al-Ghazali, জালালুদ্দীন ৰুমি, হাফিজ, ছাদী প্ৰভৃতিৰ নাম সাহিত্য জগতত আৰু ভক্তিমাৰ্গত বিশ্ৰুত।
ছূফীবাদৰ বিস্তৃত আলোচনা এই ভূমিকাৰ ঠেক পৰিসৰত সম্ভৱ নহয় আৰু তাৰ প্ৰয়োজনো নাই। বিস্তৃত আলোচনা এখন বিশাল গ্ৰন্থত পৰিণত হব। শ্ৰীযুত দুৱৰাদেৱৰ কাব্যখন বুজিবলৈ সাধাৰণভাবে মৰমিয়াবাদৰ আৰু বিশেষকৈ ছূফীতত্ত্বৰ যিখিনি আলোচনাৰ প্ৰয়োজন