আৰু যিসকলে অনবদ্য ভাষাৰে এই অনুভূতি প্ৰকাশ কৰি গৈছে তেওঁলোক মৰমী কবি। প্ৰতি দেশতে প্ৰত্যেক ভাষাতে যুগে যুগে এই মৰমী কবিসকলে জন্মগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ অৱদানেৰে সাহিত্য-আগাৰ সমৃদ্ধ কৰি গৈছে। ছন্দৰ মাধ্যমেৰে তেওঁলোকে এই ‘সত্যং শিৱং সুন্দৰম্’ৰ অনুভূতি, অসীম-সসীমৰ মিলনৰ গান গাই গৈছে।
গীতাত শ্ৰীভগৱানৰ বাণী,—
‘সৰ্বভূতেষু যেনৈকং ভাবমব্যয়মীক্ষতে।
অবিভক্তং বিভক্তেষু তজ্জ্ঞানং বিদ্ধি
সাত্ত্বিকম্।’ ১৮|২০
অৰ্থাৎ,—‘সমস্ত পদাৰ্থতে যে এক অব্যয়ভাবৰ দৰ্শন আৰু বিভাগৰ মাজতো বহুৰ মাজতো সেই এক অখণ্ড অবিভক্ত ৰূপৰ দৰ্শন—এয়েই সাত্ত্বিকজ্ঞান, সত্য দৰ্শন। এই তত্ত্বই মৰমিয়াবাদৰ বা স্বানুভূতিৰ মূলকথা। এই তত্ত্বটি মৰমিয়া কবি Wordsworthয়ে তেওঁৰ ‘Odes On Intimation of Immortality’ নামৰ ভূমিকাত সুন্দৰকৈ নিজৰ শৈশৱৰ অনুভূতিৰ মাধ্যমেৰে ব্যক্ত কৰিছে। তেওঁ কৈছে,—‘I was often unable to think of external things as having external existence, and I communed with all that I saw as something not apart from, but inherent in my own immaterial nature. Many times