অতীন্দ্ৰিয় ঐশী অনুভূতি তত্ত্বৰ (Mysticism) মূলকথা জনাটো একান্ত প্ৰয়োজন,—কাৰণ ছূফীবাদ মৰমিয়াবাদৰ এটি শাখা মাত্ৰ।
সাহিত্য জগতত Mystic বা Mysticism কথাষাৰ বহু সময়ত আৰু বহু ক্ষেত্ৰত ভ্ৰান্ত অৰ্থত প্ৰযুক্ত হয়। বহুতে ৰহস্যময় ভাব মাত্ৰকেই Mystic ভাব বোলে; কোনো কোনোৱে সাধাৰণ জ্ঞানবুদ্ধিৰ অগোচৰ ধুৱঁলি-কুৱঁলি ভাবেৰে ভৰা যি কোনো অনুভূতিকেই Mystic আখ্যা দান কৰে; কিন্তু এইটো সম্পূৰ্ণ ভুল। Mysticism, ঐশী অনুভূতি বা মৰমিয়া তত্ত্ব কোনো মতবাদ বা কল্পনাবিলাস নহয়, Theory নহয়; ই এটা বিশেষ দৃষ্টিভঙ্গী, এটি অন্তৰৰ গভীৰ অনুভূতি বা উপলব্ধি। বহুৰ মাজত একৰ, অনৈক্যৰ মাজত ঐক্যৰ, সসীমৰ মাজত অসীমৰ অস্তিত্বত বিশ্বাস আৰু জীৱাত্মা আৰু পৰমাত্মাৰ আপাতঃ বাহ্যিক ভেদ সত্ত্বেও প্ৰকৃত অভেদজ্ঞান—এয়েই মৰমিয়া উপলব্ধি বা দৃষ্টিভঙ্গীৰ ভিত্তিস্বৰূপ। এই পৃথিবীত শৰীৰ লৈ থকা কালতে ভাবৰ প্ৰবল উচ্ছ্বাসত, গভীৰ ভগৱৎপ্ৰেমৰ বলত, ক্ষণিকৰ অতীন্দ্ৰিয় উপলব্ধিৰ যোগেদি কবি বা সাধকে অনন্তৰ আস্বাদ পায়; সীমাৰ বুকুত অসীম ধৰা পৰে। এই ক্ষণিক অতীন্দ্ৰিয় বৰ্ণনাতীত উপলব্ধি বা অনুভূতিকেই ‘Mystic trance' বোলা হয়। প্ৰাচ্য আৰু পাশ্চাত্যৰ বহু সাধক-সাধিকাৰ জীৱনীত এই সত্য পোৱা যায়; তেওঁলোক মৰমী সাধক