সমললৈ যাওক

পৃষ্ঠা:মিলনৰ সুৰ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৸৴৹)

পৰমাত্মাৰে সৈতে চিৰমিলন। ছূফীকাব্যত প্ৰিয়তমাৰ কাৰণে আকুলতা বা উন্মাদনাক মত্ততা (intoxication) সংজ্ঞা দিয়া হৈছে আৰু প্ৰেমক সুৰাৰ ৰূপকেৰে বৰ্ণনা কৰা হৈছে।

 ছূফীদৰ্শনত এই ৰূপৰসগন্ধস্পৰ্শময়ী অপৰূপ প্ৰকৃতিৰাণী পৃথিবীখন পৰমাত্মাৰেই সৃষ্টি। মানৱ কবি সেই জগৎস্ৰষ্টা সংসাৰ-সাগৰৰ কাণ্ডাৰী বিশ্বকবিৰ এটি কণামাত্ৰ। সেই বিশ্বকবি হ’ল মহাগায়ক আৰু মানৱ কবিৰ কণ্ঠত সেই মহাগায়কৰ বিশ্বসঙ্গীতৰ অংশমাত্ৰ প্ৰতিধ্বনিত হয়। কবিবৰ হাফিজে কৈছে যে মহাগায়কৰ মুখত এটি স্বগায় বাঁহী আছে; সেই বাঁহীৰ আনটো মূৰ আছে মানৱ কবিৰ হৃদয়ত; মহাগায়কে যেতিয়া সেই বাঁহীত সুৰ তোলে তেতিয়া মানৱ কবিৰ হৃদয়ত সুৰতৰঙ্গৰ,—ভাবৰ লহৰীৰ সঞ্চাৰ হয় আৰু মানৱ কবিয়ে সেই সুৰকে নিজৰ ভাষাৰে প্ৰকাশ কৰে। এই তত্ত্বটো ‘মিলনৰ সুৰ গ্ৰন্থৰ শেষ স্তবকত ব্যঞ্জিত হৈছে,—

‘মহাগায়কৰ বাঁহীৰ সুৰত
কবিৰ প্ৰাণত কঁপিলে সুৰ
মন্দাকিনীৰ স্নিগ্ধ ধাৰাই
জীৱন শ্ৰান্তি কৰিলে দূৰ।’

 শ্ৰীযুত দুৱৰাদেৱৰ এই নতুন কাব্যকুসুমৰ সাফল্য কামনা কৰি ম‍ই ভূমিকা সমাপ্ত কৰিলো। শুভমস্তু।

জানুৱাৰী
১৯৫৮।
  শ্ৰীযোগীৰাজ বসু
 ডিব্ৰুগড়।