সমললৈ যাওক

পৃষ্ঠা:মিলনৰ সুৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ॥৶৹ )

প্ৰেমিকাৰ, জীৱ আৰু ঈশ্বৰৰ, ভক্ত আৰু ভগবানৰ চিৰ মিলন। গতিকে জীৱন মানেই বিৰহ আৰু প্ৰয়াণ মানেই মিলন। যিমানদিন জীৱন সিমানদিন জীৱাত্মাই পৰমাত্মাক পাবলৈ ব্যাকুল হয়,—কিন্তু দেহৰ পিঞ্জৰাত আৱদ্ধ থকাৰ কাৰণে মিলন সম্ভৱ নহয়; কবি Tennysonৰ ভাষাত—‘Spirit beats the mortal bars’ (Sir Galahrad). যেতিয়া মিলন হয় তেতিয়া আৰু ভেদ নাথাকে; সমুদ্ৰত যেনেকৈ লোণ একাত্ম,—গাখীৰৰ লগত শুভ্ৰবৰ্ণ, চিনিৰ লগত মধুৰ আস্বাদ যেনে অভিন্ন, পৰমাত্মা আৰু জীৱাত্মাও তেনে অভিন্ন হয়। তেতিয়া আৰু মই, মোৰ, তুমি, তোমাৰ প্ৰভৃতি কোনো ভেদবাচক সংজ্ঞাও নাথাকে। সেই অবস্থাত কৰ্ত্তা, কৰ্ম, কৰণ একোৱেই নাথাকে, সকলো অভিন্ন। এই অৱস্থাই বেদান্তৰ জীৱ-ব্ৰহ্ম-ঐক্য। তেতিয়া সীমাৰ সত্তা আৰু ব্যক্তিত্ব অসীম অনন্তত বিলীন হয়। বৃহদাৰণ্যক উপনিশদৰ ভাষাত কব পাৰি,—“যত্ৰ তু অস্য সৰ্বম্ আত্মৈব অভূৎ তদা কেন কং পশ্যেৎ’—‘যেতিয়া সকলোৱেই আত্মস্বৰূপত পৰিণত হয তেতিয়া আৰু কিহেৰে, কোনে কাক দেখিব।’ অৰ্থাৎ ব্ৰহ্মদৰ্শনত দ্ৰষ্টা আৰু দৃশ্য অভিন্ন হয়। দাৰ্শনিক Eckhart এ কৈছে,—‘God and I are one in the act of my perceiving Him,’—অৰ্থাৎ ব্ৰহ্মদৰ্শনকালত ব্ৰহ্ম আৰু মই একাকাৰ, কোনো ভেদ নাথাকে। এই সত্য ‘তত্ত্বমসি’, ‘অহং ব্ৰহ্মাস্মি’ প্ৰভৃতি মহাবাক্যত সুব্যক্ত। গতিকে ছুফীবাদত