ভক্তক বা জীৱক পুৰুষ বা কান্ত ৰূপে কল্পনা কৰিছে। যেন সেই এক সত্য, শিৱ, সুন্দৰৰ প্ৰতীক ৰহস্যময়ী, অমৃতলোকবাসিনী, ইন্দ্ৰিয়ৰ অগোচৰ প্ৰেমময়ী কান্তাৰ কাৰণে সকলো জীৱ, সকলো পুৰুষ অধীৰ; তেওঁক লাভ কৰিবলৈ সকলো ব্যাকুল। বিবিধ উপমা, অপৰূপ বৰ্ণনা, নানা প্ৰতীক আৰু ৰূপকৰ মাধ্যমেৰে ছূফীকবিসকলে এই অনুভূতি আৰু চিৰন্তন সত্য ব্যক্ত কৰিছে। ছূফীতত্ত্ব মতে যিমানদিন মানৱজীৱন—সিমান দিন এই বিৰহ বিদ্যমান থাকে, কাৰণ দেহ-ইন্দ্ৰিয়ৰূপ যৱনিকাই প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত ব্যৱধান সৃষ্টি কৰে। এই শৰীৰৰূপ আৱৰণ বা যবনিকাৰ কাৰণে প্ৰিয়তমাৰ স্বৰূপ যথাৰ্থৰূপে ধৰা নপৰে; সেয়েই দেহ-ব্যৱধান অপসাৰণ কৰি তেওঁক প্ৰিয়তমৰ লগত অভিন্ন কৰি লবলৈ ভক্তই প্ৰাৰ্থনা কৰে। ভক্ত কবি ভন্ৰ (Vaughan) কণ্ঠত এই প্ৰাৰ্থনা আকুল সুৰে ব্যক্ত হৈছে।
“This veil, I say, is all the cloak
And cloud which shadows Thee from me.
This veil Thy full-eyed love denies,
And only gleams and fraction spies
O take it off! Make no delay,
But brush me with Thy light.”
ভনে এই কবিতাটোত দেহক veil বুলিছে। দেহৰূপ যৱনিকা ছিন্ন হলেই,— অৰ্থাৎ প্ৰেমিকৰ দেহত্যাগেই প্ৰেমিক-