সমললৈ যাওক

পৃষ্ঠা:মিলনৰ সুৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৷৵৹)

সেইখিনি মাত্ৰ এই ভূমিকাত কৰা হল। এইখিনি ছূফীবাদৰ দিক্ দৰ্শন বুলিব পাৰি।

 কোৰাণৰ একেশ্বৰবাদ ছূফীবাদৰ বীজস্বৰূপ। ঈশ্বৰ বা আল্লা এক আৰু অদ্বিতীয়; তেওঁ সৰ্ব্বশক্তিমান, অসীম, অনন্ত আৰু অক্ষয়; তেওঁৰ সমকক্ষ কোনো নাই; জগত তেওঁৰেই সৃষ্টি আৰু সৃষ্ট জীৱ তেওঁৰ সেৱক বা সন্তানতুল্য। ‘তেওঁৰ পৰাই প্ৰতি বস্তুৰ, প্ৰতি প্ৰাণীৰ উৎপত্তি আৰু দেহ-ত্যাগৰ পিচত সকলোৱে তেওঁৰ তালৈকে ফিৰি যায়’,—কোৰাণৰ এই বাণী ছূফীবাদৰ সাৰমৰ্ম্ম। যি কোনো মুছলমানে প্ৰাণত্যাগ কৰিলে তেওঁৰ পাৰলৌকিক কৰ্ম—ক্ৰিয়াকাণ্ডৰ সময়ত আমন্ত্ৰণলিপিৰ ওপৰত কোৰাণৰ এই বাণীটো উদ্ধৃত কৰা হয়। আমাৰ উপনিষদ্ প্ৰবচনতো এই সত্য বিঘোষিত; ‘আনন্দাৎ হি এব খলু ইমানি ভূতানি জাতানি, আনন্দেন জাতানি জীবন্তি, আনন্দং প্ৰযন্ত্যভি-সংবিশন্তি।’ ‘সেই আনন্দস্বৰূপ ব্ৰহ্মৰ পৰাই সমস্ত জীৱৰ উৎপত্তি, তেওঁৰ দ্বাৰাই সকলোৰে স্থিতি; আৰু দেহত্যাগৰ পিচত আকৌ তেওঁতেই প্ৰবিষ্ট হব লাগিছে।’ তেওঁৱেই মূলকাৰণ। যেহেতু তেওঁৰ পৰাই সকলোৰে উৎপত্তি আৰু অন্তিমত তেওঁতেই বিলয়, গতিকে আল্লা আৰু জীৱ, ঈশ্বৰ আৰু জগত বস্তুতঃ এক, মাত্ৰ আপাতঃ দৃষ্টিত পৃথক প্ৰতিভাত হয়। পৰমাৰ্থিক দৃষ্টিত ব্ৰহ্ম আৰু ব্ৰহ্মাণ্ডৰ, ঈশ্বৰ আৰু জীৱৰ স্ৰষ্টা আৰু সৃষ্টিৰ এই বাস্তৱিক অভেদেই