এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪)
চেনীচম্পা জাঁই
গধূলি গোপাল -
যিহতে তোমাৰ প্ৰীতি;
সমীৰৰ মই
ঢউ এটি হই
তোমাৰ সৌৰভ ফেৰি,
আলফুল ক'ই
যাম তুলি লই
ডিঙ্গিত সাবটি ধৰি।
লাহৰি হাতেৰে
বসন্তই যেৱে
সাবটিব আহি ধৰা,
তুমি হবা এটি
সখীয়তী পখী
শূইণে-বিমানে ফুৰা;
ময়েই তোমাক
বিচাৰি ফুৰিম,
সখি অ', সখি অ' বুলি,