সমললৈ যাওক

পৃষ্ঠা:মালিকা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩)

কতনো খেলিলোঁ
কতনো মেলিলোঁ
  নিজকে ভাবিলোঁ পৰ।
সভ্যতাৰ মুখা
নিপিন্ধো, নিপিন্ধো,
  চলনাৰ নাই কাম,
যিবা ভাও লই
আহিছিলোঁ মই
  ৰাখিম তাৰেই নাম।
নেযাবা পলাই
অকলে, নীৰলে
  ধেমালিৰ লগৰীয়া,
ভাও দি এটাই
দুয়ো একেলগে
  যাম, বিশ্ব-ভাৱৰীয়া।
তুমি হবা ফুল
মধু পৰিমল,
  কেতেকী, তগৰ, যুতী,