পৃষ্ঠা:মালিকা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৭)


কোনে বোলে ৰই
কল্পনা পাৰত
  ই মহা বিৰহ বাণী,
জীৱন ঘাটত
বহি অকল'ই
  টুকিছোঁ চকুৰ পানী ।
প্ৰেম নয়নৰ
মণি হেৰুৱাই
  বিয়াকুল প্ৰাণ মন,
ভাবৰ লহৰী
লেখোঁ বহি বহি,‍—
  আহাঁহে হৃদয় ধন।
আজি বসন্তৰ
অপৰূপ ৰাগ
  বিৰিঙ্গিছে চউপাশে,
মিলণ মাধুৰী
ফুৰিছে উফৰি
  জীৱনৰ দাতি কাষে।