এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৫)
তোমাতে শপিলোঁ।
গোটেই জীৱন,
জীৱনৰ দুখ-সুখ
বিৰহ ভাৱতে
এতিয়া আৱতে
নেদেখোঁ। সুখৰ মুখ।
এতিয়াযে মই
অকলই আৰু
নোৱাৰোঁ এখোজো যাব,
এখোজ আগত
এখোজ পিচত,
নোৱাৰো যে আগুৱাব।
দুৰ অতীতত
কাৰণো বিলনি,
কৰুণ মিনতি শুনো?
ঘটিছে বা কাৰ
কিনো বিপৰ্যায়,
তাকে দিনে-ৰাতি গুণো।