পৃষ্ঠা:মালিকা.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২৩)

আপোন জীৱন
পৰৰ স্বাৰ্থত
   কৰিব পাৰিলে দান,
লভিব পাৰিবি
স্বৰগৰ সুখ,
   মৰতত শীৰ্ষস্থান।
প্ৰেমৰ ধৰণী
অমিয়াৰ খনি
   অনন্ত আকাশ তল,
তাত বিৰাজিছে
প্ৰেমৰ কালিকা
   বসুমতী টলমল্।
জীৱন মৰন
লুকালুকি খেলা,
   জীৱন-মৰণ নাই ,
হাঁহি কান্দোনৰে
প্ৰেমৰ জীৱন
   এখনি চিত্ৰহে ভাই!