পৃষ্ঠা:মালিকা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

২২

মানুহে মানুহে
এনে প্ৰেম-দয়া
  মানুহ নামতে যশ,
মানুহ স্বাধীন
নুবুলিবা হেৰা
  মানুহ দয়াৰ বশ।
তাকে সুমৰিহে
গিৰি-গুহা ভেদি
  পাষাণ হিয়াৰ মাজে,
অজস্ৰ ধাৰেৰে
বইছে চকুলো
  স্নেহৰ কৃতজ্ঞ কাজে।
আজি এই আছোঁ
এই নাইকিয়া,
  এয়েই মানৱী দেহা,
এই কেদিনতে
পাৰ মানে হেৰ
  পাতি ল সংসাৰ-বেহা