পৃষ্ঠা:মালিকা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২১)

দিয়া মোক হেৰা
অকণি শকতি
  যাবলই আগুৱাই।
ককালত এই
টঙ্গালি মাৰিলোঁ,
  আগুৱাম নিজ পথে,
কিন্তু ই কি হায়,
কোমল পৰাণ
  বিহুত উচুপি উঠে?

——:o:——

(সামৰণি)

——:o:——


মই,
 গন্তব্য পথত,
 অকল শৰীয়া
  কেওঁ চিনা-জনা নাই,
 নোৱাৰিলোঁ কব
 কোনে হাতে ধৰি
  দিলে মোক আগুৱাই?