সমললৈ যাওক

পৃষ্ঠা:মালিকা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০)

পুৰণি সকলো
নেওঁচি কেওঁচি
  হোৱাঁ নতুনত লয়।
নতুন আশাৰ
সোণালি প্ৰতিমা
  হৃদয়ত সাঁচি লই
জীৱন পথত
হ'ম আগুৱান
  দুখৰ বোজাটি থই।
সোণৰ পখিলা
অতীত কল্পনা
  যোৱাঁ গুচি যোৱাঁ গই
কেৰাহি চকুৰে
নোৱাৰো যে চাব
  উলটি পালতি অ'ই।
ই জীৱন মোৰ
আচহুৱা বাট
  বাঘ ভালুকৰ ঠাই,