পৃষ্ঠা:মালিকা.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৯)

এনে হৰষতো
নিচুক ই মোৰ
   জীৱনৰ ভগা বীণ।
তৃণ তৰু লতা
ই মহানন্দত
   কৰিছেহি যোগদান,
বাজাঁছোন বীণা
গোৱাঁ এটি বাৰ
   বিষাদৰ জয় গান।
স্বৰগ মৰত
প্ৰকৃতি প্ৰাণত
   আজি যি আনন্দ হাঁহি,
তাৰ লগতেই
যাওক ই গান
   অনন্তু সোঁতত ভাহি।
এপিনে দুখৰ
নিশা অৱসান,
   ইপিনে অৰুণোদয়,