পৃষ্ঠা:মালিকা.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৬

আগৰ দৰেই
কোকিল কলীয়া
   বুটী নাচনীটি হেন;
আগৰ দৰেই
বনৰ কেতেকী।
   “অ' মই কেতেকী” বােলে,
আগৰ দৰেই
উষাৰ হাঁহিয়ে
   হিয়াত ছবিটি তােলে;
আগৰ দৰেই
“বিহু” প্রতিধ্বনি
   হাবিত বিয়াপি যায়,
তথাপি অন্তৰ
উৰুঙ্গাঁ উৰুঙ্গাঁ
   কিবা যেন নাই নাই!
আছিল এদিন
আশা পালি থাকোঁ—
   আহক বিহুটি অ'ই