পৃষ্ঠা:মালিকা.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৮)

শুভ লগনত
অশুভ বাতৰি,
   অমৃতত বিহ এনে!
মুখৰ মাজত্ব
দুখৰ বিননি
  নোনো ই বিহু কেনে?
প্ৰকৃতি দেৰীয়ে
ন সাজ সলায়,
  আজি এনে তৰুণ,
কিহৰ দুখত
মানৱ-সন্তান
  আমন-জিমন মন?
⸻*⸺
আজি,–
 নাহৰ পাহিয়ে
 পাতৰ-অৰত
   কিবা জুমাতুমি কৰে।