পৃষ্ঠা:মালিকা.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১২)


একে বিধি হায়
তোমাক স্ৰজিছে,
  মোৰো সি একে দেহা,
মোৰ মুখে যিটি
মিঠা যেন লাগে,
  তোমালই সিটি কেহা।
মোৰ মনে যিটি
উচ্চজ্ঞান কৰো,
  তুমি সিটি বোলা ণীহ,
মোৰ যে মানত
বঙ্গালি বিহুটি,
  তোমাৰ মনত 'বিহ'।
এই মুহুৰ্ত্ততে
গল নীলিমাৰ
  জেউতি কেনিবা হৰি,
সুণীল গগণ
আহিছে সঘনে
  ডাৱৰে আৱঁৰি ধৰি।