সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
মাতৃ।

মই প্ৰেতাংশ[] মাথোন। তুমি ইয়াতে থাকা যদি এক মুহূৰ্ত্তলৈকো মই তোমাক শুদায় নেৰো। তোমাৰ ভৰিৰ তলত ময়ে ছাঁ হৈ ফুৰিম। তোমাৰ আৰু আইতাৰৰ ভিতৰত ময়ে অন্তৰায় হ’ম আৰু আন কি তোমাৰ পৰমাত্মাৰ আচল ৰূপ তোমাৰ পৰা লুকুৱাই ৰাখিম। ইমান অনিষ্ট কৰিবলৈ মই আগ বাঢ়িম, পল। সেইদেখি শীঘ্ৰে ইয়াৰ পৰা আঁতৰা।”

 তেতিয়া সি তাইক সান্ত্বনা দি ক’লে “ওঁ মই যামেই। ম‍ই এতিয়াই যাওঁ আমি দুয়ো একেলগেই যাম। তুমি মোৰ শৰীৰ প্ৰবেশ কৰিবা। মোক আৰু আমনি নকৰিবা। আমি দুয়ো একেলগে সময়ৰ পাখি লগা ডেউকাত উৰি উৰি অনন্তৰ ফাললৈ উধাই গুচি যাম গৈ। আমাৰ চাৰিচকুৰ প্ৰথমতে যেতিয়া মিলন হয় আৰু যেতিয়া তোমাৰ ওঁঠত মোৰ ওঁঠৰ পৰশ কৰি চুমাৰ ৰহন দিছিলোঁ। তেতিয়া আমি দুয়োৰো হিয়া একেলগ হোৱা নাছিল আৰু আমাৰ সম্বন্ধ ইমান ওচৰ নহৈছিল। তেতিয়া আমি ইটি সিটিৰ শতুৰু আছিলো। কেৱল এতিয়াহে আমি দুয়ো সঁচাসঁচিকৈ একেলগ হ’লো। তোমাৰ অশ্ৰদ্ধা, আৰু মোৰ সহিষ্ণুতা, ত্যাগ আৰু সংযমৰ ভিতৰেদি হে এতিয়া যথাৰ্থতে মিলন হ’ল।”


  1. মানুহৰ এহাতে যেনেকৈ সজ কামলৈ ধাউতি হয় আনহাতে পাপ আচৰিবলৈকো মন উধায়। এপিনেদি যেনেকৈ নৈতিক বল লভিবলৈ মানুহৰ হাবিয়াস আনপিনে পাপৰ জুইত পুৰি মৰিবলৈকো ভয় নোপজে। শৰীৰৰ ভিতৰত দুটি ঘাই শকতিয়ে এইদৰে সততে টনা আজোৰা কৰি মানুহৰ নৈতিক ৰাজ্যখন গঢ়ি তোলে। যি অংশই অসৎ পথলৈ মানুহক চোচোৰাই নিব খোজে তাকে ইয়াত প্ৰেতাংশ বুলি কোৱা হৈছে।