সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
মাতৃ।

 “যদি সেয়ে হয় তেনেহলে ইয়াকো ভগবানৰ ইচ্ছা বুলি ধৰিম। এগনিছ্‌ তুমি যে এনে কাৰ্য্য নকৰা তাক ম‍ই ভালকৈয়ে জানো। আজি ৰাতিটোৰ কাৰণে তোমাক আৰু আমনি নকৰো। মই এতিয়া আহিলোঁ।”

 সিমানতো সি যাব নোৱাৰিলে। তাইৰ লেউসেউ আৰু চিকমিকাই থকা চুলিবোৰলৈ চাই সি থিয় হৈ ৰল। তাইৰ কেনে আদৰৰ চুলিৰ খোপাটি? এই চুলিবোৰ লিৰিকি বিদাৰিয়েই সি কেনেকৈ অতুল আনন্দ উপভোগ কৰিছিল? কিন্তু আজি সেই চুলিখিনি আহত হোৱা সৈনিকৰ মূৰত আটি দিয়া ক’লা কাপোৰৰ বান্ধোন যেনহে লাগিল।

 এইবাৰেই শেষবাৰলৈ সি তাইক নাম কাঢ়ি মাতিলে “এগনিছ আমি জানো এইদৰে এৰা এৰি হ’ব পাৰোঁ? তুমি আগবাঢ়ি আহা, তোমাৰ হাতৰ লগত মোৰ হাত স্পৰ্শ কৰোৱা আৰু তাৰ পিচত দুৱাৰ মেলি দিয়া।”

 তাই থিয় হ’ল কিন্তু পলৰ হাত নুছুলে। দুৱাৰ ডলিৰ ওচৰলৈ গৈ তাই পল ওলাই যাবৰ কাৰণে বাট চাই ৰল।

 পলে মনতে ভাবিলে “মইনো এতিয়া কি কৰিব পাৰোঁ?” সি কিন্তু বঢ়িয়াকৈ জানিছিল যে এগনিছক সন্তুষ্ট কৰিবলৈ একেটি মাথোন উপায় আছে—তাইৰ ওচৰত সৈমান হব লাগিব। তাৰ পিচত অধৰ্ম্মৰ জীয়াজুইত জাঁপ দি পাপৰ বোকা সানিব লাগিব। এই অধৰ্ম্মলৈ সি জীয়াই থাকোতে মন নেমেলে। ইয়াকে সৰোগত কৰি সি এখোজো পিচুৱাই নগৈ তল-মূৰ কৰি থিয় হৈ আছিল। তাৰ পিচত যেতিয়া ওপৰলৈ মুখ কৰি ঘূৰি চায় তেতিয়া এগনিছক তাত দেখা নাপালে। তাই কোনোবা মুহূৰ্ত্তত আঁতৰি গ’ল আৰু আন্ধাৰ ঘৰটোৰ মাজত অদৃশ্য হ’ল।