সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
মাতৃ

আহিছিল। অ’ আপুনি হবলা ভাবিছিল যে মই আপোনাৰ পেটৰ কথা বুজা নাই! মই বঢ়িয়াকৈ জানো মোৰ প্ৰতি আপোনাৰ যি প্ৰীতি তাক একোৱে লঘু কৰিব নোৱাৰে।”

 এগনিছে ইয়াৰ পিচত চকু-লোৰে তিতি থকা গাল দুখানিৰে সৈতে পলৰ মুখৰ ওচৰলৈ মুখখনি চপাই নিলে। চকুৱেদি অবিৰত পানীৰ ধাৰ বৈ থকা কাৰণে পলৰ চকুযুৰি বন্তিৰ পোহৰত চিক্‌মিকাই আছিল। দৃষ্টিশক্তিহীন অন্ধলা চকুযোৰেৰে আকৌ এবাৰ এগনিছৰ মুখলৈ চাই পঠিয়াওঁতে দেখিবলৈ পালে যে অতপৰে তাৰ সমুখত থকা মুখখন এগনিছৰ নহয় সেই সুন্দৰ মুখখন প্ৰণয়ৰ অধিষ্ঠাত্ৰী ৰতি দেবীৰ নিজা। ইয়াৰ পিচত এগনিছক সাবটি ধৰি পলে তাইৰ ৰূপহ গালত এটি সাদৰী চুমাৰ ৰেখা বহুৱাই দিলে। আৰু এনেকৈয়ে সেই ৰাতি দুটি ডেকা-গাভৰুৱে পৱিত্ৰ প্ৰণয়ৰ গৌৰৱ অক্ষুণ্ণ ৰাখিলে।