সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
মাতৃ।

এতিয়া পল মনে মনে থাকোঁতে তাই লাহেকৈ মূৰটো জোকাৰি ক’লে “ওহোঁ নহয়, নহয়, আপুনি কোৱা কথা সঁচা নহয়।”

 মুখখন অলপ কাষ চপাই নি পলে সুধিলে “তুমিনো আচল কথাটো কি বুলি ভাবিছাঁ?”

 “আপুনি বাৰু গ’ল ৰাতি এইদৰে নকলে কিয়? ৰাতি আপুনিয়ে ময়ে যেতিয়া প্ৰেমালাপত আপোন পাহৰা হৈ আছিলোঁ তেতিয়া এনে শান্ত শিষ্ট উপদেশ দি মোৰ তেজ চেঁচা নকৰিলে কিয়? তেতিয়া বাৰু আপুনি বেলেগ ধৰণৰ সত্য দেখা পাইছিল নহয় জানো? আপোনাৰ পেটৰ কথা মই বুজিব পাৰিছো। আপোনাৰ আইতাকে, নহলে আন কোনো মানুহে মোৰ লগত আপোনাৰ কি সম্বন্ধ ঘটিছে তাক বুজিব পাৰিছে। আৰু এতিয়া আপুনি লোকনিন্দাৰ ভয়ত মোক সংযমৰ শিকনি দিবলৈ আহিছে। আপোনাক যি ভয়ে মোৰ পৰা নিলগ কৰিব খুজিছে সি ঈশ্বৰপ্ৰেমৰ পৰা ওপজা ভয় নহয়।”

 এগনিছৰ কথাখিনিয়ে পলক থকাসৰকা কৰিলে। পাৰিলে সি তাইৰ গাত বাৰুকৈয়ে হাত দিয়ে। তাৰ পিচত খঙ্‌ মাৰ নিয়াবলৈ তাইৰ নিশকতীয়া হাতখনি সি মুচৰি পেলালে। তাকে কৰি একে চাবে থিয় হৈ ক’লে “মোৰ আয়ে মোক সতৰ্ক কৰি দিয়া কথাষাৰ মই মিছা মাতিব নোখোজো। মোৰ আয়ে যি কেআষাৰ কথা কৈ মোক বুজনি দিলে সেই কথা কেই আষাৰ মোৰেই বিবেক-বাণী। তোমাৰ জানো বিবেক বোলা বস্তুটো একেবাৰে লোপ পালে?”

 “বিবেকবাণী? সাঁচাকৈয়ে মোৰো এটা বিবেক বোলা শক্তি আছে। ভাল বেয়া বিচাৰ কৰিবৰ মোৰো ক্ষমতা আছে। মই কেচুৱা হৈ থকা নাই। মোৰ বিবেকেও মোক কাণে কাণে কৈছে যে আপোনাৰ কথাত ভোল গৈ মই অন্যায় কৰিছিলো। আৰু আপোনাক