সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
মাতৃ।

 কিন্তু চকুৰ পচাৰতে পলৰ অভিমানৰ ভেঁটা ভাগি গল। বেচেৰাৰ মনে নস’লে। মন উগুল-থুগুল লাগিল। লিগিৰীজনীয়ে কোৱা কথা মিছা নহয়। মিছা কথা কবলৈ বেটী এজনীৰ ওপৰত এগ্‌নিছৰ নিচিনা মানুহে কেতিয়াও ভাৰ দিয়া নাই। এগনিছৰ যে অসুখ হৈছে তাত সংশয় নাই। পলে যেন তাৰ চকুৰ আগতে তেজেৰে লুতুৰি পুতুৰি হৈ থকা এগনিছৰ শেঁতা মুখখনি দেখিবলৈ পালে! আৰু তাইৰ এই বিপৰ্য্যয় কৰাৰ গুৰিতে জানো পলেই জগৰীয়া নহয়? তাইৰ আলসুৱা শৰীৰত সিয়েই জানো এই বিষম আঘাত কৰা নাছিল?

 ইয়াৰ পিচত পলে সুধিলে “এগনিছৰ নো এই দুৰ্ঘটনা হ’বলৈ পালে কেনেকৈ?” ছোৱালী জনীয়ে পলৰ মুখলৈ চাই কবলৈ ধৰিলে “মই জুৰিলৈ পানী আনিবলৈ গৈছিলো। ঘূৰি আহি দেখিলো তেওঁ দুৱাৰ-ডলিতে পৰি আছে। নাকে মুখে তেজৰ চেকুৰা বান্ধিছে। অলপ পৰৰ পিচত তেজ ৰ’ল কিন্তু তেওঁৰ মুখ খন ঢেলা হ’ল। কোনো মতেই তেওঁ খোৱা-বোৱা নকৰে। আজি গধূলিৰ পৰা আকৌ নাকৰ তেজ ব’বলৈ ধৰিছে। ৰৈ ৰৈ তেওঁ একো একোটা জিকাৰ মাৰে। এতিয়া আহিবৰ সময়ত ঠেৰেঙ্গা লাগি জঠৰ হৈ তেওঁ পৰি থকা দেখা পাই আহিছোঁ। এই বিলাক দেখি শুনি ভয়ত মোৰ পেটতে হাত ভৰি লুকাইছে। আন মটামানুহ বুলিবলৈকো কোনো জনপ্ৰাণী নাই”!


 এইদৰে কৈ তাই এণ্টিয়কাছে আনি দিয়া সঁচাৰ একোছা হাতলৈ ললে। আৰু পলৰ চকুলৈ এবাৰ যেনেহে হেঁপাহেৰে চাই পঠিয়ালে যেন তাইৰ পিচে পিচে পল এখুজি দুখুজিকৈ আগ বাঢ়িব। এণ্টিয়-