ভূমিকা
"মাতৃ" ৰচয়িত্রী গ্রেজীয়া ডেলেভা ইটালীয় সম্ৰাজৰ অন্তৰ্গত ছাদ্দিনীয়া দ্বীপৰ তিৰোতা। তেওঁ ১৯২৭ খৃঃ শকত সাহিত্যৰ নোবেল- বঁটা পায়। বিশ্ববৰেণ্যা ৰচয়িত্ৰীৰ ৰচিত গ্রন্থক ভাল বুলিব যোৱাতকৈ তাৰ ৰস গ্রহণ কৰিবৰ চেষ্টাতহে আমাৰ কৃতার্থতা হয় ভাবি লোবা উচিত।
আগৰ দিনত “পাণ্ডব বর্জ্জিত” বুলিলে কোনো ঠাইৰ অতীজৰ প্ৰতি গভীৰ আওকাণ দিয়া বুজাইছিল। কিয়নো তেতিয়াৰ দিনত পাণ্ডবসকলক জ্ঞান আৰু সভ্যতাৰ পোহৰ আনোঁতা বুলি জনমণ্ডলীয়ে ধৰি লৈছিল। আজি কালিৰ দিনতো যি ভাষাত বিশ্ব-সাহিত্যৰ জেউতি পৰা নাই তাক মানুহে বৰ নিচলা বুলি ভাবে। ইংৰাজী, ফৰাছী আদি যিবোৰ ভাষাত অতি ওখ ধৰণৰ মৌলিক সাহিত্যৰ লেখ-জোখ নাই, সেইবোৰ ভাষাতেই আনদেশৰ ডাঙৰ ডাঙৰ নামজ্বলা গ্ৰন্থবোৰৰ অনুবাদ আগেয়েই প্রকাশ হয়। সেইবোৰ দেশত নিজ ভাষা-ভাষী লোকৰ অন্তৰৰ পোহৰ আৰু আন ভাষা-ভাষী মানুহৰ বাহিৰৰ পোহৰ পৰিবলৈ জ্ঞানৰ খিলিকী-দুৱাৰ সদায় মেলা থাকে।
বৰ্ত্তমান অসমীয়া সাহিত্য নিচেই কেচুৱা অৱস্থাত আছে। কেৱল মৌলিক ৰচনাৰ দ্বাৰাই ইয়াক সোনকালে টনকিয়াল কৰিব নোৱাৰি। আৰু মৌলিক ৰচনাৰ বাবেও চানেকি লাগে। আজিকালি অন্তৰ্জ্জাতীয় যুগত বিশ্বমানবৰ চিন্তাৰ সোঁত কোন ফালে বব লাগিছে তাৰ সন্ধান নেপালে মৌলিক প্রতিভাৰে আদৰ পোৱা জোখাৰে বিকাশ হোৱা টান হৈ পৰে।