সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৫
মাতৃ।

বাঢ়ৈ হ'বলৈ ইচ্ছা আছে যদি বাঢ়ৈ হক। ওৰে দিন কেৱাৰ কৰা বনুৱা হৈয়ে যদি ভাল পায় সেয়ে হক। আমি একোতে নাই-নুই নকৰোঁ।”

 মাকে মুখ জপাবলৈহে পালে এন্টিয়কাছে টপৰাই মাত লগালে, “মই সঁচাকৈয়ে কৈছোঁ সেইবোৰ একো হ'বলৈ মই ভাল নাপাওঁ। মই আপোনাৰে দৰে পুৰোহিত হ'ম।"

 তাৰ মাকে ক'লে “মোৰ একো ওজৰ আপতি নাই। তোৰ কথায়ে কথা। তই বাৰু তেনে হ'লে পুৰোহিতকে হ’বি।”

 এইদৰেই এক মুহূৰ্ত্তকত আজি তাৰ ভাগ্য নিৰ্ণয় হ'ল।

 এণ্টিয়কাছৰ মুখলৈ চাই পলে মনতে গুণাগথা কৰিবলৈ ধৰিলে। ছিঃ সি কাম কৰিলে। লোকৰ কামত জোঁটা-পোটা কৰাটো তাৰ জানে৷ অন্যায় নহয়? এন্টিয়কাছৰ ভবিষ্যৎ জীৱনৰ পথ-প্ৰদৰ্শক হ'বলৈ নো বাৰু সি কিমান পানীৰ মাছ। সি চোন নিজেই নিজৰ জীৱন- নাওখনকে চলাই যাব নোৱাৰে। এন্টিয়কাছে অতিশয় আগ্ৰহৰে পলৰ ফাললৈ চাই ৰ'ল। পলেনো বাক তেনেকৈ আগপিচ নুগুণি এন্টিয়কাছক এই সম্প্ৰদায়ত সোমাবলৈ কয় কেনেকৈ?

 সি চোন নিজকে সংযত জীৱনত দীক্ষিত কৰিছিল। পিচে ত্যাগ সংযমৰ সংকল্প লৈ থাকোঁতেও ইন্দ্ৰিয়-সুখৰ হাবিয়াহে তাক নকৰিবৰ চকৰি কৰিছে। কত বাৰ সি শপত খাইছে যে বিবেক-বুধিয়ে নোকোৱা কামলৈ সি মন নেমেলে। কিন্তু উত্তেজনাই যেতিয়া তাক ব্যকিল কৰে তেতিয়া বিবেক-বুধিৰ সকলো উপদেশ কেনেকৈ শূইনত ভাঁহি যায়। সেইদেখি সি এন্টিয়কাছক এই ব্ৰত লোৱাৰ আগতে দুআষাৰ ক'ব খুজিলে “এন্টিয়কাছ, তই জানো এই কঠোৰ জীৱনৰ নিয়মবিলাকলৈ লক্ষ্য কৰি চাইছ? ধৰ্ম্মযাজকৰ কাম ফলা-মুলা নহয়। ইয়াক পালিবলৈ