এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫২
মাতৃ।
পাটীত পৰি এখন জাৰ কাপোৰেৰে গা, কাণ, মূৰ ঢাকি শুই থাকিল। এতিয়া পল আহিলেও তাৰ ভৰিব খোজৰ শব্দ তেওঁ নুশুনে। সেইদেখি তেওঁ নিৰ্ভয়ে টোপনি যাব।
কিন্তু ইমানতো তেওঁৰ অন্তৰ শিয়ৰি উঠিল! তেওঁৰ যেন পোণাকণক দুষ্ট নিশাচৰে পাই তাৰ ইচ্ছাৰ বিৰুদ্ধে কুপথলৈ টানি নিছে। কি আপদীয়া সংসাৰখন য'ত অস্যতৰ ভুৱা দি মানুহৰ জীয়াতু চুহি খাই পৈশাচিক অনুচৰহঁতে আনন্দত কিৰিলি পাৰে? অ পলে হওঁতে এতিয়াও সিহঁতৰ হাতৰ পৰা গা-এৰা দি গুচি আহিব পাৰে। নাহিব নো কেলেই? পিশাচহঁতে পলৰ নিচিনা জ্ঞানী লৰা এটাৰ চকুত ধূলি মাৰি কিমান পৰ তিষ্ঠিব? দেহি ঐ আশাৰ প্ৰদীপ গছি নুমালেও নুনুযমায়; আকৌ ভমককৈ জলিহে উঠে।
⸻