কথা মনত পৰিলতে নিজকে তেওঁ গৰিহনা দিলে। পলৰ বাৰু হিয়া ইমান দুৰ্ব্বল হব নে? তাৰ চকুলো নপৰে, দুৰ্ব্বলতাৰ লক্ষণ কেতিয়াও তাৰ গাত প্ৰকাশ নেপায়। পলে ইন্দ্ৰিয় শক্তিক হেলাৰাঙে জয় কৰিব তাত সন্দেহ নাই।
কিমান দুখ কষ্টেৰে ভৰা এই দিনটো! প্ৰতি পলে পলে অন্তৰত আছি কত বিহ কাঁড়ে তেওঁক বিন্ধিব লাগিছে। এনেতে এগনিছৰ কথা মনত পৰিল। “তাইৰো হিয়াত বল আছে; কিন্তু তাই সকলো কথা লুকুৱাব খুজিব।” এইদৰে নিজকে নিজে কৈ জুইকুৰাৰ ওপৰলৈ ফুটছাই ছটিয়াবলৈ ধৰিলে। নহলে জুইৰ ফিৰিঙতি উৰি ঘৰটোত জুই লগাবও পাৰে। তাৰ পিচত বাহিৰলৈ কাণ পাতি পলৰ ভৰিৰ শব্দ যেন শুনিবলৈ পালে।
ক'তা সেই শব্দ মাৰ গ'ল। অথচ পল নেপালেহি? তেওঁ ভাবিলে ভৰিৰ শব্দত বিশ্বাস কৰা টান, কিয়নো আমাৰ ক্ষন্তেকীয়া জীৱনৰ জিলিঙনিৰ ভিতৰেদি কোনো যাউতিযুগীয়া বস্তুকে দেখিবলৈ নেপাওঁ। পাহাৰৰ ভেটিটোও ভুঁইকপত উচন যাব, মন্দিৰৰ চিন চাবো কালক্ৰমত নাইকিয়া হব। এনে অৱস্থাত দুখানি অসঞ্জাতি কাণৰ ওপৰত তেওঁ বিশ্বাস কৰিব কেনেকৈ?
ইয়াৰ পিচত তেওঁ শোৱা পাটীৰ ওপৰত পৰি টোপনি যাবলৈ চেষ্টা কৰিলে। তেওঁ মনতে ভাবিলে সকলো কথাতে চক দি থাকিলে পলৰ সংশোধন হোৱাত ব্যাঘাত জন্মিব। সেই দেখি তাক ইচ্ছামতে চলিবলৈ তেওঁ এৰি দিব। সেয়ে হলে সি বুজিব পাৰিব যে তাৰ মাকে কোনো কথাতে তাক অবিশ্বাস নকৰে। তেতিয়া সি নিশ্চয় সজপথত থাকিবলৈ প্ৰতিজ্ঞা কৰিব।