সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
মাতৃ।

প্রেত যেন ৰূপটো দেখা পায়। “মই বঢ়িয়াকৈ মোজাযোৰ সি-পুতকি থৈছো” এই বুলি তেওঁ পললৈ সি-পুতকি থোৱা মোজাযোৰৰ কথাকে ভাবিলে ।

 বাহিৰত কেউপিনে নিমাত নিটাল। জোনৰ পোহৰ পাই গছবিলাকত ৰূপালি ৰহন চৰিছিল, আকাশখন তেনেই ফট্ ফটিয়া হৈ পৰিছিল আৰু ফুলৰ সৌৰভত চাৰিউ দিশ আমোলমোল হৈছিল। মাকৰ মনতো এতিয়া উগুল থুগুল গুচিছে। কিয়নো তেওঁ মনত শান্তি পাইছে তেওঁ নিজেই ক’ব পৰা নাই। পলেচোন এতিয়াও অপথে যাব পাৰে; কিন্তু তেওঁৰ অন্তৰত আগৰ দৰে ভয়লগা নাই কিয় আমি বুজিব নোৱাৰোঁ। পলৰ দুগালেদি বৈ যোৱা দুধাৰি চকুলোৰ কথা তেওঁৰ মনত পৰিল। দেহি ঐ বেচেৰাৰ কান্দো কান্দো হৈ থকা মুখখন, ঢুলঢুলীয়া পৰা চকুদুটি! এইবিলাক কথা মনলৈ আহিলেই তেওঁৰ হিয়াখন ফাটি যাব খোজে। কিবা ক’ব খুজিছিল। কিন্তু কথাষাৰৰ ফুটাই কব নোৱাৰিলে। অন্তৰত সিয়ে খুন্দিয়া খুন্দি কৰিবলৈ ধৰিলে। “হে দয়াময়, কিয়নো বাৰু পলক প্রণয়-সম্ভাষা জনাবলৈ নিষেধ কৰিলা? অইন মানুহৰ নিচিনাকৈ তাৰে জানো অন্তৰত হা-হুতাহ থাকিব নেলাগে? এনেস্থলত তাৰ প্রতি এনে কঠোৰ জীৱনৰ আদেশ দিলা কিয়? প্রণয়ে জীৱন গৌৰৱ মণ্ডিত নকৰে কাৰ? বন্দী-বেটী আন কি কণা ভেঙ্গুৰা আক বন্দীশালৰ অপৰাধাবিলাকেও প্রণয় কৰাত কোনেও নিষেধ নকৰে। কিয়নো বাৰু বিধিয়ে মোৰ 'আলসুৱা পোণাটিৰ কাৰণেই এনে কঠুৱা নীতিৰ প্রয়োগ কৰিলে?”

 তাৰ পিচত মনে মনে তেওঁ অলপ লাজ পালে ৷ ছিঃ তেওঁ অতপৰ কি কু কথা ভাবিছিল! আন কি এণ্টিয়কাছৰ নিচিনা ফুকলীয়া ল’ৰাটোৱেও কেনেকৈ অবিবাহিত জীৱনৰ সপক্ষে যুক্তি কৰিছিল এই