সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৮
মাতৃ


 হয়, পলব আজি প্ৰাণৰ স্পন্দন লোপ পাইছে, নিৰ্জীৱতাৰ সকলো লক্ষণ প্ৰকাশ পালে। তাৰ আজি প্ৰকৃততে মৃত্যু!!

 পলে এগনিছক চকুৰ আগতে যেন দেখা পালে। তেতিয়াই সি ককৰ্থনা কৰি তাইক ক'বলৈ ধৰিলে “এগনিছ তুমি মোক আকোৱালি ধৰি কৈছিলা নহয় যে আমি দুয়ো জীৱনে মৰণে একেডালি প্ৰাণৰ সূতাৰেই গঠা। এতিয়া জানো তুমি মোক পাহৰি পেলাই মোৰ বুকুত শেল মাৰিব পোৱা? তোমাৰে মোৰে মাজত ইমান কটকটীয়া মৰমৰ বান্ধোন জানো তুমি এতিয়া হেলাৰাঙে ছিঙি সুখ পাইছা?"

 আৰু কিবা ভাবিব খুজিছিল। এনেতে আকৌ তাৰ মনত পৰিল “মোক ভূতে পাইছে, তাত আৰু সংশয় নাই।” সি ভাবিলে ৰিপুৰ ওচৰত আৰু দুনাই সি শিৰ নোদোৱায়। দুৰ্জ্জয় কাম পিশাচক সি সি নিৰ্মূল কৰিহে এৰিব। শৰীৰৰ তেজৰ শেষ বিন্দুলৈকে দি হলেও সি সংযমৰ আৰ্হি দেখুৱাব। এইদৰে মনটো ডাঠ কৰি লৈ সি হাতত বন্তি গছ লৈ শোৱা কোঠালৈ গ'ল। যাওঁতে জুহালৰ ওচৰতে মাকক বহি থকা দেখা পালে। মাকৰ কাযতে শুই আছিল এণ্টিঅ'কাছ। তাক দেখিয়েই পলে শুধিলে “আই, লৰাটোনো আজি আমাৰ ঘৰত থাকিল কিয়?”

 মাকে কথাষাৰৰ উত্তৰ নিদিয়াকৈ পলক শুবলৈ পঠিয়াব পৰিলেই ৰক্ষা পৰে। তেওঁৰ এতিয়া বিশ্বাস হৈছিল যেন পলৰ উত্তেজনা শীতল পৰিছে। সি আৰু দুনাই অসত্যৰ পথত চলিবলৈ আগ নেবাঢ়ে। কিন্তু এনেতে এটিয়কাছে ঘপৰাই উঠি আগতে তাক হাক দি থোৱা সত্ত্বেও কৈ দিলে “মই আপোনাক লগ পাবলৈকে আহিছিলোঁ। আইতাই আপোনাক মাতি পঠিয়াইছিল।” পলৰ মাকে খণ্ড কৰি