সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
মাতৃ।

 চকু চাওঁতেই নিশাৰ অন্ধকাৰে তেওঁলোকক আগুৰি পেলালে। দূৰৈত এটা কাঠৰ মেজিত জুই লগাই এজুম মানুহে ৰং ধেমালি কৰি উৎসৱ পতা তেওঁলোকৰ চকুত পৰিল। পলে এই মানুহবিলাকৰ কুসংস্কাৰবোৰ দেখি নিজকে নিজে দুষি ক'লে “হায় মই নিজে যি বিধৰ্ম্মী হলোৱেই তাৰ লগে লগে এই নিৰীহ প্ৰজাবিলাকৰো দোষৰ ভাগী হৈছোঁ। দয়ালু ঈশ্বৰে সকলোটিকে পৰিত্ৰাণ কৰক!”

 পলৰ মনত খেলাইছিল সি যেন বীৰৰ দৰে এতিয়া তাৰ নৈতিক সাহ প্ৰকাশ কৰি দেখুৱাব, আৰু সি ততালিকে সিহঁতৰ আগলৈ আহি নিজৰ পাপ ব্যভিচাৰৰ কথা প্ৰকাশ কৰি পেলাব আৰু অনুতাপত উৱঁলি যোৱা তাৰ অন্তৰখন সিহঁতৰ আগত খুলি দেখুৱাব। তেতিয়া সিহঁতে বুজিব যে পাপত লীন হৈছিল বুলিও পলে সততে বিবেকৰ বাণীলৈ আও কাণ কৰা নাছিল। প্ৰকৃতিৰ অদম্য প্ৰেৰণাতহে কেতিয়াবা তাৰ দুৰ্ব্বল হৃদয়ে পৰাজয় মানিছিল, আৰু দুখোজ এখোজ সি পিছল খাইছিল।

 এনেতে তাৰ ক্ষীণ বিবেকে কাণত যেন ফুচফুচাই কৈ গ'ল “মানুহবিলাকে উছৱ পাতি আনন্দ পাইছে তাত তুমি হক৷ বাধা নকৰিবা। ই সিহঁতৰ বিশ্বাসৰ কথা। খৃষ্টীয় ধৰ্ম্মই অনুমোদন নকৰিলে বুলিয়েই সিহঁতক এটা আমোদৰ পৰা তুমি বঞ্চিত কৰিলে গৰ্হিত কাম কৰিবা। সিহঁতে তোমাক ভগৱানৰ অংশ বুলি ভাবি ঈশ্বৰক হে স্তুতি কৰিছে। এনে স্থলত তোমাৰ দুৰ্ব্বলতা বিবৰি কৈ মহিমাময় জনৰ বন্দনাত কলঙ্ক নানিবা।"

 আকৌ এবাৰ হিয়াৰ তলিৰ পৰা যেন বিবেকৰ ককৰ্থনা তাৰ কাণত পৰিলহি। ছিঃ ছিঃ সি তাৰ পুণ্য জীৱনৰ কি বিলৈ কৰিলে!