সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
মাতৃ।

 “তেওঁলোক আহি গেডেৰীণসকলৰ দেশ পালেহি। যীশুৱে বামলৈ নামি গৈ এটা ভূত প্ৰেত পোহা মানুহ লগ পালে। তাৰ গাত কানি-কাচুতি নাই, ঘৰ বাৰী নাই, সি শ্মশানত থাকে। যীশুক দেখিয়েই যীশুৰ চৰণত দীঘল দি পৰি সি কাকুতি কৰিলে “প্ৰভু মোক শাস্তি নিদিবা। তুমি ঈশ্বৰৰ অংশ, এতেকে তোমাৰ আগত মোৰ আৰু কৌশল নিটিকে।”

 মন্ত্ৰৰ বশ এই পিশাচহঁতে ছোৱালীজনীৰ গাত বেচিপৰ তম্ভিভ নোৱাৰিলে। তাই চকু মেলিলে, মুখখনো সুস্থ মানুহৰ নিচিনা হ’ল, আকৌ তাই চেতনা লভিলে। বুঢ়ী মানুহজনীয়ে হেৰোৱা ৰতন ঘূৰাই পাই নথৈ আনন্দ পালে, আৰু পলৰ ভৰি ছুই সেৱা জনালে। মাক আগত থাকোঁতে পলে ইমান ডাঙৰ সন্মান লবলৈ লাজ পাইছিল, কিয়নো তাৰ মাকেহে কেৱল জানে সি ধৰ্ম্মৰ নাম লৈ কেনে অধৰ্ম্ম আৰু পাপ আচৰণ কৰিছে সেইদেখি তাক সন্মান জনাবৰ সময়ত সি ভৰি দুটি লৰালৰিকৈ কোচাই পেলাইছিল।

 এই ঘটনাৰ পিচত পলে আজৰি নেপাইছিল। নিকডিমাছৰ ওচৰলৈ যাব লাগে বুলি সম্বাদ আহিলেই। এটা চেঙ্গা ঘোৰাত উঠি এণ্টিয়কাছক লগত লৈ পলে ওখোৰা-মোখোৰা পৰ্ব্বতীয়া বাটৰ ওপৰেদি নিকডিমাছৰ পঁজা বিচাৰি ওলাল। গৈ গৈ নিকডিমাছৰ ঘৰ পালেগৈ। ঘৰটোৰ চাৰিওফালে বনৰীয়া পহু আৰু গাহৰিৰ শুকান ছালেৰে উপচি আছিল। নিকডিমাছ নিপুন চিকাৰী। তাৰ জীৱন কালত যতবিলাক জীৱ বধ হৈছিল এই বিলাক তাৰেই চিন চাব। নিকডিমাছক পলে দুই একাষাৰ কথা সুধিছিল; কিন্তু উত্তৰ হলে নেপালে। অলপ দূৰৈতে থাকি এটা পোহনীয়া উকহ্ চৰায়ে ঢপ ঢপ কৰে ডৌকা কোবাই মৃত্যুকালৰ নিস্তব্ধতা জিনি পেলাইছিল।