সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
মাতৃ

বলী পচোৱা বতাহেহে তাৰ মনৰ শান্তি ভঙ্গ কৰিছিল। আহাৰ পাতি যতনাই থৈ মাক পলৰ কোঠাটোৰ ভিতৰ সোমাল। সুগন্ধি বস্তুবিলাকৰ গোন্ধ পালতে বেচেৰীৰ আকৌ গা চাটি ফুটি কৰিবলৈ ধৰিলে। পল শোৱা গাৰুটোৰ গিলিপটো তেতিয়াও টেপটেপিয়াহৈ আছিল। সেমেকা গিলিপটো সোলোকাই শুকান এটা লগাব খোজোতে তেওঁৰ মনত আজি পোন প্ৰথমে এই প্ৰশ্ন খেলালে “ধৰ্ম্মযাজকবিলাকে নো বিয়া কৰিব নেপায় কেলেই? এই সম্প্ৰদায়ৰ মানুহবিলাকেনো গৃহস্থালি কৰিলে কি হয়?”

 এই প্ৰশ্নৰ লগে লগে এগনিছৰ অতুলনীয় সম্পত্তি, আৰু প্ৰকাণ্ড অট্টালিকাবিলাকলৈ তেওঁৰ মনত পৰিল।

 “তেওঁলোকে যেতিয়া শাস্ত্ৰব্যাখা কৰিবলৈ ধৰিব কেউপিনে ল'ৰা- ছোৱালীবিলাকে আগুৰি ধৰিব। কোনোটোৱে ৰগুৱা বাই কোলাত উঠিব, কোনোটোৱে চিকুটিৰ, কোনোটোৱে কান্দিব। দেখিবলৈ হওঁতে বাৰু হ'ব। ধৰ্ম্মযাজকৰ ঘৈণীয়েক থকাৰ কথা শুনিলে মানুহৰ হাঁহিত পেটু নাড়ী ছিগিব। যেতিয়া গিৰীয়েক ঘৈণীয়েক ফুৰিবলৈ যাব তেতিয়া দূৰৈৰপৰা সাইলাখ দুজনী গাভৰু ছোৱালী যেন দেখা যাব; আৰু মৰিবৰ সময়ত ঘৈণীয়েকে গিৰীয়েকৰ আগতে নিজৰ পাপ কাৰ্য্যবিলাকৰ সোৱঁৰণ কৰিলেই হব।”

 “কেলেই, যদি মই মৰো তেতিয়া জানো পলৰ আগতে সোৱঁৰণ নকৰিম?”

 “নহয় আই আপুনি যে পলৰ মাক। মাকৰ কথা সুকীয়া; আপোনাৰ পলে বিয়া কৰাব পৰা ছোৱালী জানো এই ৰাজ্যত আছে? অ' হওঁতে হয় নিকড়িমাছৰ নাতিনী ছোৱালী এটি আছে। এহাতে বপুৰী বোব। আনহাতে লেঙ্গুৰী।”