যে তেওঁ অন্ততঃ দৰিদ্ৰতা কিহক বুলিছে তাক বুজিব পাৰিছিল। এণ্টিয়কাছে গপত ওফন্দি মনে মনে ভাবিলে সাধাৰণ তিৰোতা মানুহ জনীয়ে তাৰ দ'ৰে জানো বুজিব পাৰে? সি শাস্ত্ৰ বিলাকৰ চাৰিউ আধ্যা * কণ্ঠস্থ কৰি ৰাখিছে, আৰু অলপতে ধৰ্ম্মযাজকৰ শাৰীলৈ উধাবলৈকো আশা কৰিছে। এনে স্থলত তাৰ দৰে শাস্ত্ৰৰ কথা বুজোঁতা কেইজন আছে?
ইয়াৰ পিচত পলৰ মাকে ঘৰলৈ গৈ পলৰ কাৰণে দুপৰীয়াৰ ভোজন গোটাইছে। এনেতে সাউত কৰে এন্টিয়কাছ তেওঁৰ ওচৰলৈ গৈ পেঘেনিয়াবলৈ ধৰিলে "আপোনাৰ পুতেকে আজি মোক বৰকৈ বিকৰ্থনা কৰিলে। মই হেনো মন দিয়া নাছিলোঁ। মোক তেনেহলে তেওঁ এই কামৰ পৰা বৰ্খাস্থ কৰিবনে কি? মোক খেদাই ইলাৰিয়ো পানীজাক ল'ব যেন মোৰ মনে গোন্ধাইছে। কিন্তু, আই, আপুনি চাব সি ভালকৈ কাম চলাব নোৱাৰে। মই খোকোজা নলগাকৈ লেটিন পঢ়িব পাৰো, সি নোৱাৰে। মই তাৰ নিছিনা লেতেৰা কাপোৰো নিপিন্ধো। সচাকৈয়ে কক চোন বাৰু মোক তেওঁ খেদাবনে কি?”
“সি যি কয় তালৈ মন দিবি। সেই সময়ত নেহাঁহিবি। তেনে হ'লে খেদাব কেলেই?”
“তেওঁৰ মোৰ ওপৰত বৰ খং উঠিছিল নহয় নে বাৰু? মোৰ মনেৰে ৰাতি ধুমুহা বতাহৰ কাৰণে তেওঁৰ ভালকৈ টোপনি অহা নাছিল। আজি ৰাতি ধুমুহা মাৰোঁতে আপুনি সাৰ পাইছিলনে?”
কথাষাৰ শুনিলতে পলৰ মাকৰ গাত যেন বিছাই যে ডাকিলে। কটা ঘাৰ ওপৰত চেঙা তেল ঢালি দিলে বিষে কোপে যেনেকৈ জৰ্জ্জৰিত দিয়ে তেওঁৰো তেনে দশা হ'ল। এৰা, ওৰে ৰাতি পল উজাগৰে আছিল। অৱশ্যে বাহিৰা জগতৰ যি ধুমুহা সেই ধুমুহাতকৈয়ো
- The Four Gospels