সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
মাতৃ।

 তেতিয়া সি ব্যাকুল হৈ তাৰ পাটীখনৰ ওপৰত বাগৰিবলৈ ধৰিলে। উচুপি উচুপি সি বহুত পৰলৈকে কান্দিয়েই আছিল। পেটে পেটে ভয় হৈছিল জানোচা মাকে তাৰ কান্দোন শুনে। শোকে তাৰ বুকুত খুন্দিয়া খুন্দি কৰিবলৈ ধৰিলে। 'প্ৰভু অধমক বিপদৰ পৰা ৰক্ষা কৰাঁ' এই বুলি কাতৰ ভাবে ঈশ্বৰক প্রার্থনা কৰি সি মনত সান্ত্বনা পাইছিল। উটি-বুৰি ফুৰা মানুহ এটাৰ অথাউনীয়া সাগৰত এডোখৰ কাঠ পালে যেনে হয় শোক সাগৰত ওপঙ্গি ফুৰোতে পলৰো দুঃসহ যন্ত্ৰনাৰ উপশম হ'ল।

 অলপ সকাহ পাই আকৌ পলে গুণাগথা কৰিবলৈ ধৰিলে। সি ধৰ্ম্মযাজক, প্রত্যেক ধৰ্ম্মযাজকেই ঈশ্বৰত একান্ত বিশ্বাস ৰাখি সত্যৰ আচৰণ কৰিব লাগে। ব্রহ্মচর্য্য ব্রত পালন কৰিবলৈ সি যেতিয়া এবাৰ প্রতিজ্ঞা কৰিছে, এতিয়া তাৰ কাৰণে সংসাৰী মানুহৰ ভোগ বাসনা শোভন নহয়। সেই ছোৱালীজনীকনো সি ভাল পাবলৈ শিকিছিল কেলেই, এতিয়াও সি বুজিব পৰা নাই। হয়তো এনে হ'ব পাৰে চেঙ্গেৰা তেজৰ উম পাই যেতিয়া তাৰ মন মতলীয়া হ'ব খোজে তেতিয়া তাৰ দৰে প্ৰণয় কাতৰা এগনিছ নামে এগৰাকী সুন্দৰী যুৱতীয়ে তাৰ হিয়া অধিকাৰ কৰিলে। এগনিছৰো জীৱন এতিয়ালৈকে তেনেই শূন্য হৈ আছিল । কিয়নো অতদিনে তাইৰ জীৱনত প্ৰণয়ৰ সঙ্গী নাছিল। বন্ধুতাৰ ফাকতি নৈয়েই সিহঁত দুয়োৰে ভিতৰত ভালে-দিন সম্ভাৱ আৰু প্ৰীতি চলি থাকিল । ইটিয়ে সিটিৰ মিচিকিয়া হাঁহি আৰু চেনেহৰ চাৱনিত ভোল গৈছিল সঁচা, কিন্তু সিহঁতৰ মিলনত বহুত দিনলৈকে কাম-গন্ধৰ চেকা পৰা নাছিল। লাহে লাহে সিহঁতৰ কামনা-বিহীন প্রীতি বাসনাৰ জুইত সিজি উৱঁলি পৰিল ।

 এতিয়া তাৰ মনত বিষাদ হাৱাৰ ঘাই কাৰণটো নো কি? এগনিছৰ