“মই যি ভাল দেখো তাক কৰিম। তোক মাতিছে কোনে? মই এতিয়া কেচুৱা হৈ থকা নাই যে কথাই প্রতি তোৰ বুজনি মানিম?”
“নহয় পল্, তই কি কৰিছ বুজা হ'লে এনেকৈ নকলি হেতেন।”
“তেন্তে কেনেকৈ ক'ব লাগে ?
“তই মোক ক'ব পাৰিব লাগিছিল যে সেই ছোৱালীজনীৰ লগত তোৰ একো অবৈধ প্রীতি জনমা নাই। কিন্তু, হিতাহিতৰ জ্ঞান থাকে মানে তই মোৰ আগত সেই দৰে ক'বলৈ সাহ কৰিব নোৱাৰ । তই মুখ জপাই মনে মনে থাকিলেই মই ভাল পাও । আকৌ কও পল ভাবি গুণি চা তোৰ নামত তই কি কুখ্যাতি সানিব খুজিছ।”
পলে উত্তৰ নিদি এদাঁতিত থিয় হৈ মাকে কি কয় কাণ পাতি শুনি থাকিল।
“পল, তোক আৰু বেচি কথা ক'বলৈ মই ইচ্ছা কৰা নাই। ঈশ্বৰৰ ওচৰতহে তোৰ কাৰণে মিনতি কৰিম।"
পলে আৰু সহি সামৰি থাকিব নোৱাৰিলে। চকু ঘোপা কৰি মাকৰ ওচৰ চাপি গ'ল যেন সি মাকৰ গাতে হাত দিয়েহে।
“ভাল হৈছে। যি কলি ইমানকেহে। মোৰ আগত আৰু কেপকেপাই নেথাকিবি।”
এই বুলি কৈ পল অলপ আঁতৰি গ'ল। তাৰ মনৰ উগুণ থুগুল গুচা নাই বতাহৰ হো হোৱনিয়ে তাৰ কাণত ফুচফুচাই ডেকা কালৰ সঙ্গীহীনতাৰ কথা ক'বলৈ ধৰিলে। আমন জিমনকৈ বহি থকা মাকৰ কেঁহেৰাজ যেন মুখখনিয়েও সুখ দুখৰ বহুত ঘটনা এটি এটিকৈ তাক সোঁৱৰাই দিলে। ইফালে সিফালে খোজ দিওঁতে ভৰিৰ যি শব্দ হৈছিল তাতো যেন তাৰ কাৰণে কিবা অর্থ থকা ভাষাৰ সৃষ্টি হৈছিল। তাৰ গাৰ যি ছাঁ পৰিছিল সিও যেন এতিয়া অকলে