সপোনে অতপৰে আন্দোলাই থোৱা মুখ খনিত আকৌ এবাৰ আনন্দৰ জেউতি বিৰিঙালে।
ঘৰ পাই পলে দুৱাৰ মেলি আলেঙে আলেঙে মাক সাৰে আছে নে নাই উমান ল'লে। আধা জ্বলা এঙ্গাৰ আৰু ফুটছাই কিছুমান আগত লৈ তেওঁ তেতিয়াও পলৰ কাৰণেই বাট চাই আছে। আগত থকা এঙ্গাৰ বিলাক এটা জঠৰ মৰা শৰ নিচিনা দেখি, পলৰ গাৰ নোম ডালি ডালি হৈছিল। পলৰ বুজিবলৈ বাকী নৰ'ল তাৰ মাকৰ মনৰ ভাবটো কি । মাকক চকুপানী টুকিবলৈ এৰি দি পুতেকে আনন্দ পাব এনে দুৰন্ত প্রাণী এই সংসাৰত নাই। পলৰ বেজাৰ লাগিল তাৰ মাকৰ এই বিষাদৰ কাৰণ তাৰ আচৰণ বিলাকেই৷ লাহে তাহে আগুৱাই গৈ পলে মাকক সুধিলে “আই, তোৰ নো আজি টোপনি অহা নাইনে?"
সমাজিকতে ভয় খায় থকা বপুৰীৰ মুখখনি এতিয়াও শেঁতা পৰিয়েই আছে। পলৰ মাত শুনি খক্ মক্ খাই তাৰ চকুলৈ চালে। পলে তলমূৰ কৰিলে।
“ তোৰ কাৰণেই মই ৰৈ আছোঁ সোণ। এইমাজ নিশা তই গৈছিলি কলৈ ?”
“এটা নৰিয়া মানুহক প্রতিপাল কৰিছিলোগৈ” তাৰ দুৰ্ব্বল মন। এনে অৱস্থাত সচা কথা ক'বলৈ সাহ নহ'ল।
“পল, ওচৰলৈ আহ। তোৰ লগত অলপ কথা আছে"
ওচৰ চাপি যাবলৈ পলৰ সাহ নহ'ল। তাৰ মাকে ফুচফুচাই ক'বলৈ “ধৰিলে। তই কলৈ গৈছিলি মই নজনাকৈ থকা নাই । আজি ভালেদিন হ'ল মাজৰাতি তই সদায় ঘৰৰ পৰা ওলাই যোৱা উমান পাইছিলোঁ। আজি ৰাতি তোৰ পিচে পিচে গৈ তই ক'ত সোমাইছিলি,