এতিয়াও আনকি তোমাৰ ওচৰতে বহি আছোঁ। অলপ দিনৰ ভিতৰতে তোমাক আৰু তোমাৰ পুতেৰাক গাৱঁৰপৰা উলিয়াই দিম। পলক এই কামত নলগাই তাৰ পিতাকৰ ব্যৱসায়ত লাগিবলৈ দিয়াহে ভাল আছিল।”
বাগ্ৰ হৈ পল মাকে উত্তৰ দিলে “হয় ডাঙৰীয়া আপুনি কেইদিনমান মাথোন আমাক সময় দিয়ক। আমি ইয়াৰ পৰা আঁতৰ হম।”
“যলৈকে যোৱা তোমালোকৰ কিন্তু একে দশাই। সেইদেখি পলৰ কপালত যি আছে তাৰ কাৰণেই বাট চোৱাঁ। চেঙেৰা বয়সত মই তিৰোতাৰ নামকে নলৈছিলোঁ, কোনো ৰকমৰ বিলাস ভোগৰ কথায়ো মোৰ গা সু-ত লগাব নোৱাৰিছিল । কেৱল স্বৰ্গলৈ যোৱাৰ কথাকেই অনবৰত চিন্তা কৰিছিলোঁ। এই পৃথিবীয়েই যে স্বর্গ নামে মনোমোহা দেশ তাক একেবাৰে পাহৰি আছিলোঁ। যি সময়ত জ্ঞান-চকু মুকলি হ'ল তেতিয়া মোৰ বয়স ভা-টি দিলে; আৰু সংসাৰত থাকি জীৱনৰ সাধনা কৰা বয়স গ'ল। সেই দেখি মই চেঙেৰা লৰাহঁতৰ লগত হাঁহিধেমালি কৰি বাকী দিন কেইটা সম্ভোগৰ পৰিতৃপ্তিৰে অতি-বাহিত কৰিছো। তুমি এনেকুৱা চেঙেৰা লৰাক অসজ বুলি ক'ব পাৰা কিন্তু মই হলে সিহঁতক সজ বুলিহে ভাবো। কিয়নো যি কেইদিন জীয়াই থাকে সেই দিন কেইটা ভোগ কৰোঁ বুলিয়েই সিহঁত পৃথিবীলৈ আহে। সিহঁতৰ সঙ্গ পালে উতলা হিয়া শাঁত পৰে, আৰু আনন্দত মন উপচি পৰে।”
এইদৰে কৈ থাকোঁতেই পলৰ মাকে বুজিলে যে এই মানুহ জনৰ অভিপ্ৰায় কিবা হে । পলক অবাটে বাট বুলিবলৈ দিলেই সি ভাল পায়। কিন্তু সেই বুলি নিজৰ পেটৰ পোৱালী এটাক জীয়া জুইত জাপ দিবলৈ তেওঁনো এৰি দিয়ে কেনেকৈ?