কিন্তু হায়, কি দুষ্ট গ্রহে তাক এনেদৰে চলনা কৰিবলৈ উপক্ৰম কৰিছে! পুতেকক বিপদত পৰিবলৈ এৰি দিনো বাৰু তেওঁ কোন সতেৰে চাই থাকিব পাৰে?
বেজাৰত তেওঁৰ শোকে বুকুত খুন্দামাৰি ধৰিলে। হাতত বন্তিগছ তুলি লৈ তেওঁৰ এধানিমান কুঠৰীটোৰ চাৰিও ফালে এবাৰ ঘুৰি চালে। তেওঁ ঘৰত সম্বল বুলিবলৈ এখনি চালপীৰা আৰু ঘুনে খোৱা এডাল কাপোৰ থোৱা ডাঁৰ। কোঠাটো মুঠতে কোনোবা লিগিৰী লিগিৰা থকা ঘৰ যেনহে দেখি। কিন্তু ইমানতেই বপুৰীৰ সুখ, ইয়াতকৈ ভাল ঘৰত থাকিবলৈ তেওঁ কাহানিও আশা পলা নাই। তেওঁৰ অতুলনীয় সম্পত্তি বৈভব তেওঁৰ আলসুৱা লৰাটিতে। সিয়েই তেওঁৰ জীৱন সর্বস্ব।
তাৰ পিচত পলৰ ঘৰটোলৈ তেওঁ সোমাই গ'ল। মজিয়াৰ এদাঁ-তিত সজোৱা নিচেই ঠেক এখনি পৱিত্ৰ শয্যা। এসময়ত ঘৰটো পৰি-পাটিকৈ সজোৱা আছিল কিন্তু আজিকালি বস্তুবিলাক নিয়ম লগাই থোৱা পলৰ অভ্যাস নাই। মেজৰ খলপাবোৰ খোলাই আছে, পুথি-বিলাক সিচঁতি বিচতি হৈ আছে, আৰু পলৰ কোটচোলা এটা মাজ মজিয়াতে সোপা কানি যেনকৈ পেলাই থোৱা আছে। চোলাটো দেখিয়েই তেওঁ টপৰাই তুলি হাতলৈ ল'লে। মনতে ভাবিলে এইদৰে পলকো বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁৰ হৃদয়ত শকতি আছে। তেতিরা চকীখন মেজৰ কাষলৈ চপাই অনিলে। বপুৰীৰ আশা, যেন পলে এতিয়া তাতে বহি মাজনিশাৰ পুথি অধ্যয়ন কৰিব। খিৰিকীৰ ওচৰত ওলমি থকা দাপোণ খনলৈ এনেতে তেওঁৰ চকু পৰিল.........।