সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মাতৃ।

পাব। আৰু তিৰাতো জনীকো আপুনি জানো এই ৰৌ-ৰৌ নৰকৰ পৰা তুলি নধৰে? তাই থাকে অকলশৰে। তাইৰ পিতাক ধনী মানুহ আছিল। পিতাক মৰিবৰ সময়ত পলক মতাই নি তাৰ হতুৱাই অন্ত্যেষ্টি ক্ৰিয়া সমাধা কৰায়। তেতিয়াৰেপৰা ছোৱালীজনীৰ লগত পলৰ সদ্ভাৱ হয়। তাইৰ ককায়েক এজন আছে, ভনীয়েকক এই সম্পত্তিবোৰ এৰি দি তেওঁ আতৰত থাকে। এই সুযোগ পাই ছোৱালীজনীয়ে অসজ উপায়ে দিন নিয়াইছে....।”

 এনেতে যেন তেওঁৰ আগত থিয়দি থকা মানুহ গৰাকীয়ে সুধিলে “এইবিলাক কথা সঁচা জানো? বীছপৰ আগত ক’বলৈ জানোচা পিচত কেৰঘেহোৱাঁ?”

 “হায় প্ৰভু, মোৰ পলৰ কি গতি হ’ল!” এইবুলি তেওঁ হাত দুখনিৰে চকু দুটা ঢাকি ধৰিলে। ততালিকে চকুৰ আগত যেন দেখিবলৈ পালে পলে তাৰ প্ৰেয়সীৰ হাত দুখনি টেপা মাৰি লৈ জুইৰ কাষত বহি প্ৰেমালাপ কৰিছে। চকু দুটা টানকৈ মুদি জিকাৰ মাৰি দিলে “হায় প্ৰভু, কি গতি হ’ল!”

               

 সাত শতুৰুৰ মূৰত নেখেলোৱা কথা মাকৰ মূৰত খেলায় কাৰণেই হ’বলা আজি অজ্ঞাতসাৰে পুতেকৰ চৰিত্ৰৰ ওপৰত এগৰাকী বিধবা তিৰোতাই এনেকুৱা কলঙ্কৰ ছাই মাকতি সানি আহুকলীয়া সন্দেহ জাল তৰিলে!