ভাল হ'ব। তেওঁলোক খ্রীষ্টৰ দাস, সাধুপুৰুষ। সেইদেখি এই পাপ প্রলোভনবিলাকৰ কথা ক'লে তেওঁ নিশ্চয় মোকে পলকে এই ঠাইৰ পৰা গুচি যাবলৈ আদেশ দিব। সকলো কথা আঁতিগুৰি ভাঙ্গি তেওঁক এইদৰে মই ক'ম। "এই গাওঁখন কিবা অভিশাপত পৰি নৰক হ'ব খুজিছে। আজি প্রায় এশ বছৰ হ'ল, এই গাওঁত এজন বীছপ আছিল। তেওঁ প্রথমতে সংঘত ভাবেই জীৱন যাপন কৰিছিল। সৌ নৈখনৰ ওপৰত তেওঁ নিজৰ পইচাৰেই দলঙ দিয়াইছিল। কিন্তু উজান বয়সৰ লগে লগে প্রলোভনৰ সোঁতত তেওঁৰ মন উটি গল, সুৰাপান আৰু তিৰোতা তেওঁৰ প্ৰিয় হৈ পৰিল । ইয়াৰ পিছত তেওঁ নিকাৰ ভুগি এই সংসাৰৰ পৰা মেলানি ল'লে । তেওঁ নৰীয়া পৰি থাকোতেই ৰাতিৰ ভিতৰতে ভুত-প্রেতবিলাকে তেওঁ শোৱা ঘৰৰপৰা নৈলৈকে এটা মাটিৰ তলেদি সুৰুঙ্গা কৰিলে। সেই বাটেদিয়েই নৰকী ধৰ্ম্মযাজক জনৰ মৰা শটো বোলে সিহঁতে ভাৰ বৈ নিছিল । তেওঁ ধুকুৱাৰ পিচত তালৈ কোনো মানুহ আহিবলৈকে সাহ কৰা নাছিল কিয়নো এইখন বোলে পিশাচে পোৱা দেশ। তাৰ পিচত মোৰ পল এই গাৱলৈ আছে। আমি প্রথনে আহোঁতে মানুহবিলাক তেনেই হাবিতলীয়া অসভ্য হৈয়ে আছিল। পলৰ সজ শিকনি পাই সিহঁত এতিয়া ধাৰ্ম্মিক হৈছে। অলপ সময়ৰ আগলৈকে পলেও ৰিপুঞ্জয় সন্ন্যাসীৰ দৰে দিন কটাইছিল। ওৰে দিন সি শাস্ত্ৰ পঢ়ি আৰু উপাসনা কৰিয়ে কটাইছিল। তাৰ স্বভাব গধুৰ, চট্ফটীয়া নহয়। তাৰ ধীৰ, স্থিৰ আৰু সৌমা মূৰ্ত্তিয়ে সকলোৰে মনত শুচি ভাব জগাই দিয়ে। কোনো ৰমণীৰ মুখলৈ চাওঁ বুলি চোৱা তাৰ তেতিয়া অভ্যাস নাছিল। কিন্তু এতিয়া পলক শাৱে চুলে। এগৰাকী সুন্দৰীয়ে প্ৰণয় জৰীৰে তাক কট্কটীয়াকৈ বান্ধি পেলাইছে। আপুনি তাক ইয়াৰ পৰা তুৰন্তে খেদাই নিদিলে পলৰ মনুষ্যতা লোপ
পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১৭
অৱয়ব