প্রণয়িনীক অবৈধ সম্ভাষা জনাবলৈ নহয়। কিন্তু এতিয়া নিজ চকুৰেই পলক পুৰণি পকীঘৰটোৰ ফাললৈ মুখ কৰি গোঁ গোঁ কৰে যোৱা দেখি বেচেৰীৰ আশা চূড়মাৰ হ'ল। সেই পঁজাটোৰ ভিতৰত জন প্রাণী বুলিবলৈ কেৱল এটি। তেওঁ এগৰাকী নিপোটল, নিৰোগী অকলশৰীয়া গাভৰু। লগ সঙ্গ বুলিবলৈকো কোনো নাই......
আগফালৰ দুৱাৰেদি নোসোমাই এখন আওহতীয়া দুৱাৰেদি পল ভিতৰ সোমাল। সি সোমালতে দুৱাৰখন ততালিকে জাপ গ'ল । ঠিক যেন দানৱৰ ক'লা মুখ এখনেহে তাক নিমিষতে গিলি পেলালে।
পলৰ পিছে পিছে ঘাঁহনি পথাৰখন পাৰ হৈ গৈয়েই তিৰোতা গৰাকীয়েও পল সোমোৱা দুৱাৰখনত খুন্দিয়াবলৈ ধৰিলে। কিন্তু দুৱাৰ খন লৰচৰেই নহ'ল। বেৰখনত হাত বুলাই দেখিলে বেৰখনো টোকাৰী গুণা যেন । এতিয়াহে তেওঁ আতুৰ হল! চিঞৰিলেও বা শুনিব কোনে, যিহে বতাহৰ হোহোৱনি বাওবাৱনি। আন একো উপাই নেপাই দুৱাৰত কাণ পাতি ভিতৰত কিবা কথাবতৰা শুনিবলৈ পাওঁ বুলি একেথৰে শহাকণীয়া হৈ অলপ সময় ৰ'ল।
নিজে ধৰা পৰালৈকো এতিয়া তেওঁৰ ভয় নাই । বলীয়াৰদৰে বাগীছাখনৰ ইমূৰৰপৰা সিমূৰলৈকে অহাযোৱা কৰি আছে। পৃথিবীৰ ভিতৰলৈ সোমাব পৰা সুৰুঙা এটি কৰিব পাৰিলেই তেওঁৰ এতিয়া উদ্দেশ্য সিদ্ধি হয়। কিন্তু বেৰখন শকত, ঘাই দুৱাৰখনো টানকৈ মৰা, খিৰিকীবোৰো বাহিৰৰ পৰা মেলিব নোৱাৰাকৈ কপ্ কপীয়াকৈ মৰা আছে। লোহাৰ দুৱাৰখন আৰু ইটাৰ বেৰখনৰ লগত ফেৰ পতা মিছা যেন তেওঁৰ মনত খেলাঁলে। কেচুৱা কালত চহকী মানুহৰ দুৱাৰডলিত গিৰিহঁতে দলিয়াই দিয়া দুই চাইটা আধাপইছাৰ কাৰণে খাপ দি থাকোঁতে যিমান লাজ লাগিছিল এতিয়া তেওঁ তাতোকৈ বেছি অপমান