পালেগৈ। আৰু আইতাকৰ ওচৰতে লেপেটা কাঢ়ি বহি তেওঁৰ নো কি হৈছে জানিবৰ মনেৰে সি ভালকৈ চকু ফুৰাই চালে। তাৰ আইতাক তেতিয়া অচেতন হৈ মাটিত দীঘল দি পৰি আছিল। তেওঁৰ মূৰটোৱে বুঢ়া মানুহজনীৰ কোলাত আশ্ৰয় লৈছে আৰু কেউফালে মানুহে হিচ্ খাই ধৰিছে।
“আই! আই!”
মাকৰ মুখ অলৰ হৈয়ে থাকিল। গাল দুখনি ঠেৰেঙ্গা দিলে। চকু আধা মুদা। মুখ মেল খালে জানোচা কিবা চিঞৰ শুনে এই ভয়তে বেচেৰীৰ দাঁত দুপাৰিও কটকটীয়া হৈ জাপ খায়ে থাকিল।
পলে এতিয়া বুজিবৰ পাৰিছিল যে সি নিজে যি দুৰ্যশৰ ভয়ক কা-তি কৰি থবলৈ সমৰ্থ হ’ল, তাৰ আইতাকে সেই ভয় আৰু বেজাৰতে প্ৰাণ-বায়ু ত্যাগ কৰিলে।
আৰু সিও দাতখিনি টানকৈ কামুৰি ধৰিলে যাতে মূৰ ডাঙোতে তাৰ মুখৰ একাষাৰ মাতো আনে শুনিবলৈ নেপায়। আৰু সেই উখল-মাখল্ লগা মানুহ জুমৰ মাজেদি চাই পঠিয়াওতে সি দেখা পাইছিল তাৰ ফাললৈ একেৰাহে ৰ-লাগি চাই থকা এগনিছৰ এযুৰি উজ্জ্বল চকু।