সমললৈ যাওক

পৃষ্ঠা:মাতৃ (উপন্যাস).pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাতৃ।

 গতিগোত্র দেখিলে মনে ধৰে আজি ৰাতিও পলে ঘৰ এৰি বাহিৰলৈ যাবলৈ ছেগ বিচাৰি আছে।

পলৰ শোৱা কুঠৰীৰ গাতে লগালগিকৈ তাৰ মাকৰ শোৱা ঠাই। তেওঁ তাতে ৰৈ আলেঙে আলেঙে পলৰ গতিবিধি লক্ষ্য কৰি আছে। পলে ইফাল সিফাল কৰি মাকৰ কোঠাৰ চাকিগছনো কেতিয়া নুমায় আৰু তাৰ মাকৰ নো কেতিয়া ডাঠ টোপনি আহে তালৈকে বাট চাই আছে।

 বন্তি নুমাল, কিন্ত তাৰ মাকৰ টোপনি নাহিল। দুৱাৰ-চুকতে বহি তেওঁ দুখনি জুৰুলা হাত যোৰ কৰি বুকুত সাহ দিবলৈ ঈশ্বৰৰ ওচৰত প্রার্থনা জনালে। প্রতি মুহূৰ্ততে তেওঁৰ মনত নো কিমান আশা নিৰাশাৰ ঢৌ উঠি মাৰ গৈছে তাৰ লেখ্ বুজ নাই। তেওঁৰ আশা, যেন তেওঁৰ পোণাকণে তাহানিৰ দৰে আকৌ এতিয়াও মাজ-নিশাৰ তেল পুৰি পুঁথি-পাজি মেলি পঢ়াত লাগিব। কিন্তু পলৰ আৰু সেই জ্ঞানৰ হেপাহ আজি নাই! ইয়াতকৈ আৰু তেওঁৰ পক্ষে কি দুখ হ’ব? অলপ সময়ৰ কাৰণে পলৰ ভৰিৰ শবদ নিতাল মাৰিছিল। বাহিৰত বতাহৰ হো-হোৱনি আৰু গছৰ ঠাল ঠেঙ্গুলি ভগাৰ মৰমৰণি, এই দুয়োটাৰ শব্দমিহলি হৈ গহীন নিশাৰ নিশ্তৰূতাকো তল পেলালে।

 পলৰ মাকে বাহিৰলৈ ওলোৱা দুৱাৰ খনত ইডালৰ ওপৰত সিডাল তুলি ডাং মাৰি থৈছে, জানোছা এই ক্রছ চিনটোৱেই ধুমুহা বতাহৰ