ডকাইতৰ হাতৰ পৰা কুমাৰী মে'ৰীৰ প্ৰতিমাৰ্থনি উদ্ধাৰ কৰি আনি সেই
থাপনাৰ ওচৰতে সসন্মানে প্ৰতিষ্ঠা কৰিলে।
এনেবিলাক সুখ্যাতিৰে ভৰা বংশ-গৌৰৱৰ তাই অধিকাৰী। তাই যি গাঁৱত বসতি কৰিছে সেই গাঁৱত তাইৰ সমানে বংশ-প্ৰতিষ্ঠা লভিব পৰা লোক বিৰল। অন্যান্য ইতৰ মানুহ বিলাকৰ পৰা এই গৌৰবেই তাইক বহুত ওখ আসন দি আহিছে। শামুকৰ খোলাৰ ভিতৰত চক্ চকীয়া মাণিক থকাৰ দৰে এই সাধাৰণ লোকসমাজৰ মাজত তাই অতদিন মূৰ জিলিকা হৈ আছে।
তাইনো বাৰু এতিয়া নিজকে নিজে কেনেকৈ মানুহবিলাকৰ আগত অপযশ দিয়ে? নিজকে এই পবিত্ৰ ধৰ্ম্ম-মন্দিৰৰ গৰাকী বুলি যেতিয়াই তাই মনে মনে ভাবিলে তেতিয়া তাইৰ অভিমান উপজিল। তাইৰ পাপ আচৰণৰ যি নগৰীয়া হৈছিল, তেৱেই এতিয়া থাপনাৰ ওচৰত থিয় হৈ সাধু সন্ন্যাসীৰ সাজপাৰ পিন্ধি অতবিলাক নিৰীহ প্ৰাণীক ধৰ্ম্মৰ তত্ত্ব বুজাই দিবলৈ আহিছে। আজি তাইৰ এই উপাসনাৰ মন্দিৰত ধৰ্ম্মৰ ব্যাথা কৰোতা যিজন সুদৰ্শন পুৰুষক দেখিলে ভোক পিয়াহ হৰে আৰু পদুমযেন যাৰ চৰণ দুটিত তাই শিৰ দোঁৱাইছে তেৱেই তাইক ভুৱা দি অবাটে নিছিল। তাইৰ কিন্তু নিজৰ দোষ ইমানেই যে তাই পলক ভাল পাইছিল। জাউৰিয়ে জাউৰিয়ে সংকীৰ্ত্তনৰ ধ্বনি যিমানেই চৰি আহিছিল সিমানেই তাই খঙ আক বিষত জৰ্জৰিত দিছিল। আকাশী বাণীয়ে যেন তাইক দঢ়াই দঢ়াই ক'লে যে পল এই ধৰ্ম্ম ৰাজ্যৰ নিতান্ত অনুপযুক্ত গতিকে তাক সোনকালে এই প্ৰদেশৰ পৰা খেদাই দিয়াহে তাইৰ কৰ্ত্তব্য। হৈছে।
এগনিছৰ গোটেই শৰীৰ আকৌ শেতা পৰিল। আৰু কৰ জৰ কৰে তাইৰ গোটেই গা ঘামিবলৈ ধৰিলে। তাইৰ ভৰি যুি