সি নিজৰ কাম কৰিব কি? তাৰ হৃদযন্ত্ৰৰ ভিতৰলৈ তেজৰ সোঁত পুনৰাই ঘূৰি আহিল আৰু ফিন্দ খাই ফুলি উঠা শিৰাবিলাকো ঢিলা হৈ গ'ল। তাৰ মন নিৰাশৰ ডাৱৰে ঢাকি পেলালে। এতিয়া সি নিৰলে মৰণৰ মুখত আত্মসমৰ্থণ কৰিবলৈ হাবিয়াহ কৰিলে। সাগৰৰ পানীত কক্ বকাই ভাগৰি জুগৰি ঢৌৰ লগত যুঁজিব নোৱাৰা মানুহ অগত্যা যেনেকৈ ধীৰ আৰু শান্ত হয় সিও এতিয়া তেনে হৈছিল। এই বেলি সমজুৱাসকললৈ চাওঁতে আৰু সি চকু নুমুদিলে। চকু মুদিলেই যে বিপদ নাতৰে এই কথা সি ভালকৈ বুজিলে। মুখ ফুটাই পলে ক'লে “ভগৱন্ত পুৰুষে আপোনাসৱৰ ন কৰোক "
এগনিছ নিজৰ আসনত বহি আছিল। আগত মেলি খোৱা পুথিখনৰ পাত লুটিয়াবলৈ তাইৰ মনত পৰা নাই। সোণালী ৰহনেৰে বন কৰা তাইৰ পুথিৰ বেটুপাতখিল৷ পুৱাৰ কিৰণত জক্মকীয়া হৈ পৰিছিল। উপাসনা কৰিবলৈ অহা অন্যান্য গাঁৱলীয়া তিৰোতাসকলে তেওঁলোকৰ ভৰিৰ গোৰোহা তল কৰি বহি আছিল। পলে পুথিখন আঁতৰাই থলেই তেওঁবিলাকে আঠু ল'ব।
তাৰ পিচত পলে পুথিখন আতৰাই থ'লে। আৰু ইয়াৰ লগে লগে সকলোৱে আঠু কাঢ়িলে। পলে তেতিয়া ঈশ্বৰৰ গুণ কীৰ্ত্তন কৰিবলৈ ধৰিলে আৰু সকলো মানুতে কাণ পাতি শুনিলে।
নিৰাশাৰ ঢৌত খৰ মাৰি সি আকৌ এবেলি সুখৰ কল্পনা কৰিলে। এগনিছে যেন একে শাৰীতে থিয় হৈ তাৰে সৈতে পৰাচিত হবলৈ আহিছে। দুয়ো পাপকাৰ্য্য কৰি এতিয়া একেলগে সেই পাপবোকাৰ চেকা ধুই পেলাব। যদি সেয়েই হয়, এগনিছৰ প্ৰতি বৈৰী-ভাব পুহি পলে অন্যায় কৰিছে। কিয়নো বেচেৰীয়ে তাৰ প্ৰতি